দেশৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল ভূপেনদাঃ: প্ৰধানমন্ত্রী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা উদযাপনৰ অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য-দেশৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল ভূপেনদা। সুধাকণ্ঠৰ সংগীতত প্রতিফলিত হয় এক ভাৰত শ্রেষ্ঠ ভাৰতৰ সংকল্প। জীৱনৰ প্ৰতিটো ক্ষণতে অসমী আইৰ পুত্ৰ হিচাপে নিজকে সমর্পিত কৰিছে তেওঁ। উল্লেখ্য যে মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ সামৰি বিয়লি ভাগত গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কৰ্মময় জীৱন আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয়- ভূপেনদাৰ শতবার্ষিকী অনুষ্ঠানত অংশ লোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। আমি সকলোৱে তেওঁক মৰমতে সুধাকণ্ঠ বুলি উল্লেখ কৰোঁ। সংগীত যেতিয়া সাধনালৈ ৰূপান্তৰিত হয়, সেই সাধনাই আমাক চুই যায়। সেইবাবেই ভূপেনদাৰ সংগীত সদায় বিশেষ আছিল। ভূপেনদা আমাৰ মাজত নাথাকিলেও তেওঁৰ গীত-স্বৰে আমাক শক্তি দিব। তেওঁ কয়- আজিৰ দিনটো আনন্দৰ দিনেই নহয়, এই মুহূর্ত আমাৰ বাবে অতিশয় গুৰুত্বপূর্ণ। যি দৃশ্য মই দেখা পাইছোঁ, যি উৎসাহ, যি জনসমুদ্র এই সকলোবোৰে প্ৰমাণ কৰিছে ভূপেনদা অসমৰ বাবে কি আছিল। যদি মই ভূপেনদাক এটা শব্দ বুলি কওঁ, তেনেহ’লে মোৰ মনত বাৰে বাৰে এটাই ধাৰণা আহে- ‘সময় হ্যে ধীৰে চলো’। ভূপেনদাই তেওঁৰ সুৰৰ যোগেদি ভাৰতক সংযোগ কৰাই নহয়, ভাৰতীয় প্ৰজন্মক আলোড়িত কৰা অমৰ ৰচনাৰ সৃষ্টি কৰিছিল। ড০ ভূপেন হাজৰিকাই নিজৰ সমগ্ৰ জীৱন সংগীতৰ সেৱাত উছৰ্গা কৰাৰ লগতে সংগীতক তেওঁ এক আধ্যাত্মিক অনুশীলনতাৰ অংশ কৰি লৈছিল। তেওঁৰ এই আধ্যাত্মিক অনুশীলনতাই সকলো সময়তে আত্মাক স্পর্শ কৰে। দৰাচলতে সংগীত যেতিয়া সংকল্প হৈ পৰে, তেতিয়া ই সমাজৰ পথ প্ৰদৰ্শনৰ মাধ্যম হৈ পৰে।প্রধানমন্ত্রীয়ে কয়- ভূপেনদাৰ সংগীতত ভাৰত মাতৃৰ প্ৰতি গভীৰ প্ৰেম- এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ দায়বদ্ধতা স্পষ্ট হৈ পৰে। ভূপেনদা উত্তৰ-পূবত জন্মগ্রহণ কৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ পৱিত্ৰ ঢৌৱে তেওঁক সংগীত শিকাইছিল। কাশী বিশ্ববিদ্যালয়ে তেওঁৰ জীৱনক এক অবিৰত প্রবাহ দিলে। দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি আমেৰিকালৈ যোৱা ভূপেনদাই এজন প্রকৃত পুত্র হিচাপে অসমৰ মাটিৰ লগত কিন্তু গভীৰভাৱে সংযুক্ত হৈ থাকিল। তেওঁ সাধাৰণ জীৱনৰ যন্ত্ৰণাক সংগীতলৈ ৰূপান্তৰিত কৰিছিল আৰু তেওঁৰ সেই কণ্ঠই এতিয়াও জাতিটোক আলোড়িত কৰি ৰাখিছে। প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটো আওৰাই কয়- এই গীতৰ অর্থ হ’ল যদি ইজনে সিজনৰ আনন্দ আৰু দুখ-যন্ত্রণা, কষ্টৰ কথা নাভাবে, তেন্তে সমাজ কেনেদৰে চলিব? ভূপেনদাৰ এই চিন্তাধাৰা কিমান গভীৰভাৱে প্ৰেৰণাদায়ক সেই বিষয়ে সকলোৱে চিন্তা কৰা উচিত। ভূপেনদাৰ সংগীতৰ এই ধাৰণাটোৱে আজি ভাৰতক দৰিদ্ৰ, প্ৰান্তীয়, দলিত আৰু জনজাতীয় সম্প্ৰদায়ৰ জীৱন উন্নত কৰাৰ প্ৰচেষ্টাত পথ প্রদর্শক হৈ আছে। সুধাকণ্ঠক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ মহান নায়ক আখ্যা দি প্রধানমন্ত্রীয়ে পুনৰ কয়- দশক দশক পূৰ্বে যেতিয়া উত্তৰ-পূব অৱহেলাৰ সন্মুখীন হৈছিল, হিংসা আৰু বিচ্ছিন্নতাবাদৰ মাজত আবদ্ধ হৈছিল, তেতিয়া ভূপেনদাই ভাৰত ঐক্যৰ গীত গাইছিল। ভূপেনদাই সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যৰ গীত গাইছিল। মোদীয়ে পুনৰ সুধাকণ্ঠৰ ‘নানা জাতি উপজাতি’ কলি আওৰাই কয়- এই গীতটোৱে অসমৰ বৈচিত্র্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱ অনুভৱ কৰোৱায়। অৰুণাচল প্ৰদেশৰ প্ৰতি ভূপেনদাৰ আছিল বিশেষ মৰম। দৰাচলতে সমগ্ৰ উত্তৰ-পূবৰ বাবে সপোন দেখিছিল ভূপেনদাই। অসম-অৰুণাচলক সংযুক্ত কৰা সেতুক সেয়েহে ভূপেনদাৰ নামেৰে নামকৰণ কৰা হ’ল। মোদীয়ে কয়- উত্তৰ-পূবত ভূপেনদাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি দিনে-নিশাই কাম কৰি আছোঁ। এই অনুষ্ঠানটোৱে উত্তৰ-পূবৰ উন্নয়নৰ প্ৰতি চলা অভিযানৰ এক আভাস প্রতিফলিত কৰিছে। তেওঁ কয়- শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ত অসম আৰু উত্তৰ-পূবৰ বহু বীৰ সংগ্ৰামীয়ে অসাধাৰণ ত্যাগ কৰিছিল। আজাদী কা অমৃত মহোৎসৱৰ সময়ত চৰকাৰে উত্তৰ-পূবৰ এই স্বাধীনতা সংগ্ৰামীসকলৰ উত্তৰাধিকাৰ আৰু ইতিহাস পুনৰুজ্জীৱিত কৰিছে। সমগ্র দেশে অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে। দিল্লীত অনুষ্ঠিত কৰা অষ্টলক্ষী মহোৎসৱৰ জৰিয়তেও অসমৰ শক্তি আৰু দক্ষতা প্রদর্শিত কৰা হৈছিল। সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদানৰ প্ৰসংগত প্রধানমন্ত্রীয়ে কয়-ভূপেনদাক ভাৰতৰত্ন প্ৰদান কৰি চৰকাৰে উত্তৰ-পূবৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাই অঞ্চলটোত ৰাষ্ট্ৰীয় অগ্রাধিকাৰ হিচাপে গঢ়ি তোলা হৈছে। উত্তৰ-পূব এতিয়া দ্রুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। এই কৃতিত্বৰ আঁৰৰ ব্যক্তি হ’ল ভূপেনদা। উত্তৰ-পূবে সদায়ে দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। অঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ-উদযাপন, কলা-সংস্কৃতি, প্রাকৃতিক সৌন্দৰ্য আৰু ঐশ্বৰিক আভাক সদায়ে দেশে অৱদান ৰূপে গ্রহণ কৰি আহিছে। এই অৱদানক বাদ দি আমি মহান ভাৰতৰ কল্পনা কৰিব নোৱাৰোঁ। দেশ বা ৰাজ্যৰ পৰিস্থিতি যিয়েই নহওক কিয়, ভূপেনদাই সদায়ে জাতিৰ গৌৰৱৰ বাবে কণ্ঠদান কৰি আহিছে। তেওঁৰ এই গীতত স্বদেশ প্ৰেমৰ মনোভাব প্রতিফলিত হৈছে।প্ৰধানমন্ত্ৰীয়ে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ প্ৰসংগ উত্থাপন কৰি কয়- সেই সময়ত অসম প্রত্যক্ষভাবে এই যুদ্ধৰ সাক্ষী আছিল আৰু সেই সময়ত ভূপেনদাই সংগীতৰ জৰিয়তে জাতিৰ সংকল্প তথা উদ্দেশ্যক স্থিৰ কৰি তুলিছিল। তেওঁ সেই সময়ত গীত গাইছিল- ‘শত জোৱানৰ মৃত্যু হ’ল’, এই গীতে দেশৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে অসমৰ সংস্কৃতিৰ প্ৰতিটো মাত্ৰা উল্লেখযোগ্য আৰু অসাধাৰণ বুলি আলোকপাত কৰি কয়-অসম সংস্কৃতি, মর্যাদা, গৌৰৱ অপৰিসীম সম্ভাৱনাৰ উৎস। অসমৰ পৰম্পৰাগত সাজ-পোছাক, খাদ্য, পর্যটন আৰু উৎপাদিত সামগ্রীয়ে চহকী ঐতিহ্য আৰু সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে পৰিচয় দি আহিছে। কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বতে এই উপাদানসমূহক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে। প্রধানমন্ত্রী মোদীয়ে গৌৰৱেৰে উল্লেখ কৰে যে তেওঁ ব্যক্তিগতভাৱে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্ৰচাৰ কৰে। অসমৰ প্ৰতিটো সামগ্ৰী বিশ্বৰ চুকে-কোণে যাব লাগিব বুলি মন্তব্য কৰে। উল্লেখ্য যে এই অনুষ্ঠানতেই প্রধানমন্ত্রীয়ে ড০ ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজার্ভ বেংকে প্ৰস্তুত কৰা এটি স্মৃতি মুদ্রা উন্মোচন কৰাৰ লগতে ভূপেনদাৰ জীৱন আৰু কৰ্মৰ আধাৰত প্ৰণীত তথা দেশৰ ২১টা অন্য ভাষালৈ অনূদিত এখন গ্রন্থও আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানতে ভিন্ন বয়সৰ ১,২০০ শিল্পীয়ে বিশ্ববিশ্রুত শিল্পীগৰাকীৰ ১৪টা গীত আৰু এটি গীতি কবিতা সমৱেত সংগীতৰ ৰূপত পৰিৱেশন কৰে। অনুষ্ঠানত সুধাকণ্ঠৰ জীৱন আধাৰিত এক চমু তথ্যচিত্রও প্ৰদৰ্শন কৰা হয়।সাংস্কৃতিক মন্ত্রী বিমল বড়াই আদৰণী ভাষণ প্ৰদান কৰা জন্ম শতবার্ষিকীৰ এই অনুষ্ঠানত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকায়ো ভাষণ প্রদান কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা, ভগ্নী কবিতা বৰুৱাৰ লগতে সাংসদ, মন্ত্রী, বিধায়কসকল আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।