ভিডিঅ’ কনফাৰেঞ্চযোগে ‘সেৱা সপ্তাহ’ৰ প্ৰস্তুতি পর্যালোচনা মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জিলা আয়ুক্তসকলৰ সৈতে এখন ভিডিঅ’ কনফাৰেঞ্চত অংশগ্ৰহণ কৰি আগন্তুক ‘সেৱা সপ্তাহ’ পালন সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰে। উল্লেখ্য যে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ ‘সেৱা সপ্তাহ’ শীর্ষক এই সপ্তাহজোৰা কাৰ্যসূচীৰ অধীনত সমগ্ৰ ৰাজ্যতে এলানি অর্থপূৰ্ণ আৰু জনকেন্দ্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অহা ১৭ ছেপ্টেম্বৰত ‘সেৱা-হি-সমর্পণ’ শীর্ষক এক বৃহৎ ৰক্তদান অভিযানৰ জৰিয়তে ‘সেৱা সপ্তাহ’ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ অধীনত সমগ্ৰ অসমতে ৭৫টা মেগা ৰক্তদান শিবিৰৰ আয়োজন কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন জিলাৰে মেডিকেল কলেজ, হাস্পতালসমূহত থকা ব্লাড বেংকসমূহৰ লগতে এনে সুবিধা উপলব্ধ নোহোৱা অঞ্চলসমূহত ভ্রাম্যমাণ ৰক্তদান বাহনৰ জৰিয়তে এই কার্যসূচী ৰূপায়ণ কৰা হ’ব। এই ৰক্তদান শিবিৰসমূহৰ জৰিয়তে যাতে ৰাজ্যৰ ৰক্ত ভাণ্ডাৰসমূহত যথেষ্ট পৰিমাণৰ ৰক্ত সংগ্ৰহ হয়, সেয়া সুনিশ্চিত কৰাৰ বাবে এই কাৰ্যসূচীত স্থানীয় যুৱক-যুৱতী, সুৰক্ষা বাহিনীৰ জোৱান, সংবাদ মাধ্যম আদিক জড়িত কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই স্বাস্থ্য বিভাগ আৰু অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। সেৱা সপ্তাহৰ অংশ হিচাপে অহা ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে মূলতঃ শিশু আৰু কিশোৰসকলৰ বাবে একোটাকৈ বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব। ১৮ ছেপ্টেম্বৰত ১১টা স্বাস্থ্য শিবিৰৰ আয়োজনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভকৰা হ’ব। ৩১ অক্টোবৰলৈকে অব্যাহত থাকিবলগীয়া এই পদক্ষেপে পর্যায়ক্রমে ৰাজ্যৰ সকলো বিধানসভা সমষ্টিকে সামৰি ল’ব। বিটিআৰৰ জিলাকেইখনত বলবৎ থকা নির্বাচনী আৰ্হি আচৰণ বিধিৰ বাবে নির্বাচন প্রক্রিয়া সমাপ্ত হোৱাৰ পাছতে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ বৈঠকত স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। এই স্বাস্থ্য শিবিৰসমূহত ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্রদানেৰে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁলোকৰ হৃদযন্ত্র, স্নায়ু, বংশানুক্রমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা আগবঢ়োৱা হ’ব। পৰীক্ষাত কোনা ৰোগ ধৰা পৰিলে পৰৱৰ্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু বিনামূলীয়া পুনৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ৰোগ অনুসৰি পৰ্যায়ক্রমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্রদানৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। ১৯ ছেপ্টেম্বৰত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগ তথা শিক্ষা বিভাগৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহত এক বৃহৎ বৃক্ষৰোপণ অভিযান হাতত লোৱা হ’ব। ইয়াৰ অধীনত ৰাজ্যৰ বহু হাজাৰ বিদ্যালয়ত ১৫ লাখৰো অধিক গছপুলি ৰোপণৰ পদক্ষেপ গ্রহণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত থকা ২৪৮টা গছপুলি বিতৰণ কেন্দ্ৰৰ জৰিয়তে এই কাৰ্যসূচীৰ বাবে গছপুলিসমূহ বিতৰণ কৰা হ’ব। অহা ২১ ছেপ্টেম্বৰত অসমৰ ১,০০০ গৰাকী যুৱ সাহিত্যিকক তেওঁলোকৰ কৃতিত্ব আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব। ২২ ছেপ্টেম্বৰত ৰাজ্যজুৰি প্রায় ৭,৫০০ গৰাকী নিক্ষয় মিত্রই নিজ নিজ অঞ্চলৰ যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰিব। নিক্ষয় মিত্ৰসকলৰ এই পদক্ষেপে ৰোগীসকলক কেৱল পুষ্টিগত সকাহ প্রদান কৰাই নহয়, তেওঁলোকক আৱেগিক আৰু মানসিকভাৱেও সবল হোৱাৰ দিশত অনুপ্রাণিত কৰিব। সেৱা সপ্তাহৰ অংশ হিচাপে অহা ২৩ ছেপ্টেম্বৰত ৰাজহ বিভাগে ৰাজ্যৰ মুঠ ২৪,৬৮৮টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ মাজত ভূমি আবণ্টনৰ প্ৰমাণ-পত্ৰ, বিশেষ ম্যাদী পট্টা আৰু ভূমি আবণ্টন, নিষ্পত্তি তথা হস্তান্তৰৰ প্ৰস্তাৱ-পত্ৰ বিতৰণ কৰিব। এই পদক্ষেপৰ অধীনত সেইদিনা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ ১৩,৬৩৭টা স্থান, ৰাজ্য চৰকাৰৰ অধীনস্থ সংস্থাৰ ৮৩টা স্থান, কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ অধীনস্থ সংস্থাৰ ৮৮টা স্থানৰ লগতে বিভিন্ন ধর্মীয়, শৈক্ষিক তথা সাস্কৃতিক-সামাজিক সংস্থাৰ দখলত থকা ১০,৮৮০টা স্থানৰ বাবে ভূমি আবণ্টন, নিষ্পত্তি তথা হস্তান্তৰৰ এই পত্ৰসমূহ আনুষ্ঠানিকভারে বিতৰণ কৰা হ’ব। আজিৰ ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্রী ড° শৰ্মাই অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অৰুণোদয়-৩.০ৰ অধীনত হিতাধিকাৰীৰ প্ৰমাণ-পত্ৰ বিতৰণৰ বৃহৎ কাৰ্যসূচীৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ কেন্দ্ৰীয় অনুষ্ঠান খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ২৫,০০০টা স্থানত স্থানীয় পৰ্যায়ৰ প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত কেন্দ্রীয় অনুষ্ঠানৰ কাৰ্যসূচীৰো পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। ৰাজ্যৰ প্রায় ৩৮ লাখ মহিলা হিতাধিকাৰীক অৰুণোদয়-৩.০ৰ অধীনত সামৰি লোৱা হ’ব। সেইদিনাৰ অনুষ্ঠানতে হিতাধিকাৰীসকলৰ পৰা ৰন্ধন গেছ ক্ৰয়ৰ বাবদ লাভ কৰিবলগীয়া ৰাজসাহায্যৰ বাবে বিতৰণ কৰা প্ৰ-পত্ৰসমূহো সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, ৰাজহ মন্ত্রী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পৰিবহণ মন্ত্রী যোগেন মোহন, শক্তিমন্ত্রী প্রশান্ত ফুকন আৰু বিধায়ক বলীন চেতিয়া উপস্থিত থকাৰ বিপৰীতে অন্যান্য মন্ত্রী-বিধায়কসকলে ভার্চুৱেলভাবে অংশগ্ৰহণ কৰে। ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ লগতে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, বন আৰু পৰিৱেশ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা শিক্ষা, বিত্ত, সাংস্কৃতিক পৰিক্ৰমা, তথ্য আৰু জনসংযোগকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।