NSUI নেতাৰ দ্বাৰা গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীক কৰা যৌন শোষণৰ তীব্ৰ প্ৰতিবাদ : এবিভিপিৰ

NSUI নেতাৰ দ্বাৰা গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীক কৰা যৌন শোষণৰ তীব্ৰ প্ৰতিবাদ : এবিভিপিৰ
ছাত্ৰী গৰাকীক ন্যায় প্ৰদানৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  ১১ চেপ্তেম্বৰত গোৱালপাৰাৰ ইকবাল হাসান (ফিৰোজ, দাব্লু) নামৰ এগৰাকী NSUIৰ নেতাই গোৱালপাৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ আৰু শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত কৰে। যি ঘটনা বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে, দুৰ্বৃত্ত NSUI নেতা গৰাকীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ। ইতিমধ্যে NSUI ৰ সদস্যসকলে AI মাধ্যমেৰে ফটো এডিট কৰি অপপ্ৰচাৰ চলাই ঘটনাটোক এক বেলেগ দিশলৈ লৈ যাবলৈ চেষ্টা কৰাৰ পৰিলক্ষিত হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৰ সদস্যৰ দ্বাৰা এগৰাকী ছাত্ৰীক কৰা যৌন শোষণৰ ঘটনাক এক অমানৱীয় বুলি উল্লেখ কৰি ছাত্ৰী গৰাকীক ন্যায় প্ৰদানৰ বাবে দাবী জনায়। আজি ইয়াৰ প্ৰতিবাদত বিদ্যাৰ্থী পৰিষদে অসম বিভিন্ন স্থানৰ লগতে গোলাঘাট মহাবিদ্যালয়ৰ চৌহদতো এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰি NSUI ৰ নেতা গৰাকীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।আজি সমগ্ৰ ঘটনাটোৰ ওপৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে এই ঘটনাত কংগ্ৰেছ তথা NSUIৰ চৰিত্ৰ প্ৰকাশ পালে। চৰকাৰ তথা প্ৰশাসনে নাৰীৰ সুৰক্ষা আৰু মহাবিদ্যালয় সুস্থ শৈক্ষিক পৰিৱেশৰ স্বাৰ্থত এনে নেতা সমূহক নাকি লগাবলৈ আহ্বান জনায়।