অসম ৰাজ্যিক এনএছইউআইয়ে গোৱালপাৰা ঘটনাক লৈ গৰিহণা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতনৰ যি খবৰ আহিছে অসম ৰাজ্যিক NSUI য়ে তাক গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছে৷ এই কাৰ্যৰ লগত জড়িত সকলো অভিযুক্তক আৰক্ষী প্ৰশাসনে যাতে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰে তাৰ বাবে দাবী জনাইছে৷উল্লেখযোগ্য যে এই ঘটনাটোক পৰিকল্পিত ৰূপ দি অভিযুক্তজন NSUI ৰ নেতা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে। আমি এই কথা অস্বীকাৰ কৰিছোঁ আৰু উপযুক্ত প্ৰমাণ সহ কব পাৰোঁ যে অভিযুক্তজন বিজেপি আৰ RSS ৰ পৃষ্ঠপোষকতাত চালিত হোৱা ছাত্ৰ সংগঠন ABVP ৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে জড়িত।