বিটিচি নির্বাচনৰ সংকল্প পত্ৰ মুকলি বিজেপিৰ

বিটিচি নির্বাচনৰ সংকল্প পত্ৰ মুকলি বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বি টি আৰৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে তুংগত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ । বিটিচিৰ শাসন দখলৰ লক্ষ্যৰে ব্যাপক প্ৰচাৰ অভিযান চলোৱা বিজেপিয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে নিৰ্বাচনৰ সংকল্প পত্ৰ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দলৰ সংকল্প পত্ৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ৫টা ভাষাত প্ৰস্তুত কৰা দলৰ নিৰ্বাচনী গীতো মুকলি কৰে। বড়ো, বাংলা, আদিবাসী আৰু নেপালী ভাষাত গীতকেইটা  প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা বিটিচি নিৰ্বাচনত এইবাৰ বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতাত নামিছে। সংকল্প পত্ৰ উন্মোচন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্ৰথমবাৰৰ বাবে বিজেপিয়ে বিটিআৰত চৰকাৰ গঠনৰ উদ্দেশ্যে নির্বাচনত অৱতীৰ্ণ হৈছে। নির্বাচনী প্ৰচাৰত বিজেপিয়ে ৰাইজৰ অকুণ্ঠ সহায়-সহযোগিতা লাভ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বিজেপিৰ প্ৰতিখন নির্বাচনী সভাতে ৰাইজৰ যোগদানে স্পষ্ট কৰি তুলিছে যে এইবাৰ বিটিআৰত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত। বিগত নির্বাচনসমূহৰ তুলনাত এইবাৰ নির্বাচনত বিজেপিয়ে যে শক্তিশালী ভূমিকা গ্রহণ কৰিব সেয়াও ইতিমধ্যে সুনিশ্চিত হৈছে। মুখ্যমন্ত্ৰীয়ে বিটিআৰক ২৬টা জনগোষ্ঠীৰ সন্মিলিত আশা-আকাংক্ষাৰ প্ৰতীক আৰু বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্বপ্নক বাস্তৱত ৰূপায়িত কৰাৰ বাবে ৰাইজে গঠন কৰা এক স্বায়ত্তশাসিত, ৰাজনৈতিক আৰু প্ৰশাসনিক অঞ্চল বুলি মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়-বিটিআৰত প্ৰতিটো জনগোষ্ঠীৰ মাজত থকা সমন্বয় অতি দৃঢ়তাৰে ধৰি ৰাখিব লাগিব আৰু ২৬টা জনগোষ্ঠীৰ কলা-সংস্কৃতিক শ্রদ্ধা সহকাৰে জগতসভালৈ লৈ যাব লাগিব। বিটিআৰৰ ভিতৰত থকা কেইবাটাও প্রশাসনিক সমস্যা সমাধান কৰিব লাগিব। বিটিআৰখনক সকলো জনগোষ্ঠীয়ে যাতে নিজৰ বুলি আঁকোৱালি ল’ব পাৰে তাৰ বাবে বিজেপিয়ে নির্বাচনী ঘোষণাপত্ৰত স্পষ্টভাৱে সম অধিকাৰ আৰু সুশাসনৰ জৰিয়তে ভৱিষ্যতৰ বিটিআৰৰ বিকাশ সুনিশ্চিত কৰাৰ কথা উল্লেখ কৰিছে। ৰাজ্য চৰকাৰৰ সকলোবোৰ আঁচনি বিটিআৰত ৰূপায়ণ কৰা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিটিআৰৰ ৫ লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব, ৫ লাখ মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত অন্তর্ভুক্ত কৰা হ’ব, বিটিআৰৰ প্ৰতিগৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা দিয়া হ’ব, বিটিআৰৰ প্ৰতিটো মহকুমাতে একোখনকৈ বিদ্যালয় স্থাপন কৰা হ’ব, ওদালগুৰিত বড়োলেও বিশ্ববিদ্যালয় চৌহদ স্থাপন কৰা হ’ব আৰু তামুলপুৰ মেডিকেল কলেজ সোনকালে মুকলি কৰা হ’ব। বিটিআৰৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ নতুন দিগন্ত সূচনা কৰা হ’ব।উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰামৰ্শমৰ্মে মন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ নেতৃত্বত সংকল্প প্রস্তাৱখন প্রস্তুত কৰা হৈছে। এই সংকল্প পত্রত ৫ বছৰৰ ভিতৰত নতুন বিটিআৰ নিৰ্মাণৰ সংকল্পৰ কথা আছে। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সংকল্প পত্র প্রস্তুত সমিতিৰ অধ্যক্ষ তথা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, ওদালগুৰি জিলা সভাপতি সুনীল বসুমতাৰীৰ লগতে দলৰ কেইবাজনো জ্যেষ্ঠ কার্যকর্তা উপস্থিত থাকে।