ডেৰাডুনত ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন প্রধানমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডেৰাডুনত ডাৱৰ বিস্ফোৰণ, বৃষ্টিপাত আৰু বানত ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছতে প্রধানমন্ত্রীয়ে ক্ষতিগ্রস্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ লগতে পুনৰ সংস্থাপন সন্দর্ভত চৰকাৰী বিষয়াসকলৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হয়। প্রধানমন্ত্রীয়ে প্রাকৃতিক দুর্যোগত বিধ্বস্ত ৰাজ্যখনৰ বাবে ১২শ কোটি টকাৰ বিত্তীয় সাহায্য ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে বহুপাক্ষিক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে। ক্ষতিগ্রস্ত লোকসকলক প্রধানমন্ত্রী আৱাস প্রদান, ঘাইপথ, বিদ্যালয় পুনৰ নির্মাণ, পিএমএনআৰএফৰ অধীনত সাহায্য প্রদান আৰু পশুধনৰ বাবে খাদ্য-সামগ্ৰী প্ৰদানৰ দৰে ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্রীয় চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ লোৱাৰ বাবে এটা আন্তঃমন্ত্ৰালয়ৰ দল প্ৰেৰণ কৰিছিল। তেওঁ দুর্যোগত নিহত লোকসকলৰ আত্মীয়ক ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।