অৱসৰকাৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰী সন্থা,অসমৰ সংবাদ মেল

অৱসৰকাৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰী সন্থা,অসমৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত অৱসৰকাৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰী সন্থা,অসমৰ সভাপতি বদন চন্দ্ৰ নাথৰ আহ্বান মৰ্মে এখন সংবাদ মেল অনুষ্ঠিত হয়।সংবাদ মেলত অসম চৰকাৰৰ বিভিন্ন বিভাগত W/C , MR আৰু কেজুৱেল হিচাপে হাজাৰ, হাজাৰ কৰ্মচাৰী নিযুক্তি দিছিল যদিও যোৱা ২০২৫ চনৰ ৩১,০৪৯ জনৰ চৰকাৰী নিয়মীয়া নহ’ল, কিন্তু নিযুক্তি প্ৰাপ্ত একে হাৰতে দৰমহা পোৱা কেজুৱেল কৰ্মচাৰীৰ নিয়মীয়াকৰন নহ’ল । আমাৰ দাবী ১৯৯২/১৯৯৩ বৰ্ষৰ আগৰ বাকী ফিক্স পে কৰ্মচাৰী সকলৰ পৰিয়াল সমূহক চলিব পৰা কৈ পেঞ্চন দিয়াৰ ব্যৱস্থা সহ তিনিটা দাবী পুৰণৰ অৰ্থে মূখ্যমন্ত্ৰীলৈ সংবাদ মাধ্যম যোগে আহ্বান জনায়।এই সংবাদ মেলত উপস্থিত আছিল উক্ত সন্থাৰ সম্পাদক পৱন ডেকা, সমন্বয়ৰক্ষীৰ সভাপতি প্ৰমোদ চৌধুৰী,সৰলা দাস, গজেন চহৰীয়া আদি কৰি কেবাজনো লোক উপস্থিত থাকে৷