গোলকগঞ্জৰ ঘটনাক গৰিহণা ৰাইজৰ দলৰ

গোলকগঞ্জৰ ঘটনাক গৰিহণা ৰাইজৰ দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গোলোকগঞ্জত জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৰা শান্তিপূৰ্ণ প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আৰক্ষী বাহিনীয়ে জপিয়াই পৰি পাশৱিক অত্যাচাৰ কৰা কাৰ্যক ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ অবৈধ বাংলাদেশীক সংস্থাপন দি স্বদেশীক দেশৰ মাটিত সংখ্যালঘু কৰিব বিচৰা চৰকাৰখনে খিলঞ্জীয়া জনগোষ্ঠী এটাৰ নায্য দাবী এটাৰ বাবে কৰা প্ৰতিবাদ এনেদৰে দমন কৰিব বিচৰাতো অতিকৈ দুৰ্ভাগ্যজনক।