গোলকগঞ্জৰ ঘটনাক গৰিহণা অসম জাতীয় পৰিষদৰ গৰিহণা
ৰঙিলী বাৰ্ত্তাসেৱা- “জনজাতিকৰণৰ ন্যায্য দাবীৰে গোলকগঞ্জৰ ৰাজপথলৈ ওলাই অহা কোচ-ৰাজবংশী নাগৰিকসকলৰ ওপৰত অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্মম আক্রমণক নিন্দা জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে৷তেওঁ কয়- অতি নিন্দনীয় ঘটনাৰ ক’লা উদাহৰণ প্ৰতিষ্ঠা কৰিলে চৰকাৰখনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰখন যে জনজাতীয় লোকসকলৰ পক্ষত নাই, সেয়া আজি পুনৰ এবাৰ স্পষ্টকৈ প্ৰতিফলিত হ’ল৷ চৰকাৰৰ আজিৰ এই জঘন্য অত্যাচাৰৰ ঘটনাক আমি গৰিহণা দিছোঁ৷”