অসম সাহিত্য সভাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন

লোকে লোকাৰণ্য কলাইগাঁও,
অসম সাহিত্য সভাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ মাজত যিখিনি তথ্য আৰু তত্ত্ব অন্তৰনিৰ্হিত হৈ আছে, সেই সকলোখিনি অসম সাহিত্য সভাই ইংৰাজী ভাষালৈ অনুবাদ কৰি লিখিত ৰূপত প্ৰকাশ কৰিব । সংগীতজ্ঞ হিচাপে ড° হাজৰিকাৰ প্ৰতিষ্ঠা হৈ গৈছে কিন্তু সাহিত্যক হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব এতিয়া আমাৰ হাতত পৰিছে ৷“ অসম সাহিত্য সভাৰ উদ্যোগত ওদালগুৰি জিলাৰ শ্রীশ্রীগোবিন্দ মিশ্র সাহিত্য সভাৰ সহযোগত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰিৰ কলাইগাঁও প্রগতিশীল জনমঞ্চ মুকলি সভাগৃহত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ সভাত পৌৰোহিত্য কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। লোকে লোকাৰণ্য সভাখনত ভাষণ প্ৰসংগত তেওঁ লগতে কয় —”দ্বীপৰ বিলৰ কাষত ভূপেন হাজৰিকাৰ বিশাল মূৰ্তি স্থাপন কৰি ভূপেন্দ্ৰ সৰোবৰ নামকৰণৰ কৰিবলৈ চৰকাৰৰ দায়িত্ব আছে ৷“ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিল্পী, লেখক ড° লোকনাথ গোস্বামী আৰু নির্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ড° ভূপেন হাজৰিকাৰ সতীর্থ শিল্পী কমল কটকীয়ে। মুখ্য অতিথিৰ ভাষণত গোস্বামীয়ে ভূপেন হাজৰিকাৰ লগত কটোৱা সময় আৰু সান্নিধ্য সোঁৱৰণ কৰি গীত পৰিৱেশন কৰে। ইফালে নিৰ্দিষ্ট বক্তাৰ ভাষণত কটকীয়ে ভূপেন দা নিজেই এটা মহান অনুষ্ঠান আছিল বুলি অভিহিত কৰে। সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ক্ৰমে বিশিষ্ট লেখক তথা লোক-সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়া, বিশিষ্ট নাট্য আৰু চলচ্চিত্র শিল্পী পবিত্র ৰাভাই। শইকীয়া আৰু ৰাভাই ক্ৰমে ভূপেন হাজৰিকাৰ সমগ্ৰ গীতৰ ওপৰত ব্যাখ্যা দাঙি ধৰাৰ পিছতে ৰাভাই স্বৰচিত কবিতাৰে ভূপেন দা এটা বৰ্ণিল যাত্ৰাপথ বুলি অভিহিত কৰে। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই স্মৃতিগ্রন্থ উন্মোচন কৰা সভাখনত পত্রিকা উন্মোচন কৰে বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই কয়—কয়— “অসমীয়া জাতিয়ে ভূপেন হাজৰিকাক বহুত সন্মান দিছে, এই সন্মান আমাৰ বাবে কোনো গুণে কম নহয়। মই ভাবো ভূপেন দাই পাব লগা সন্মান মৃত্যুৰ আগে পিছে সন্তোষজনকভাৱেই লাভ কৰিছে। অসম চৰকাৰে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে, অহা ১৩ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ এটি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।“ অসম সাহিত্য সভাৰ ধনভৰাঁলী মণিৰাম লাহন, সাংগঠনিক সম্পাদকদ্বয় দুলাল নাথ আৰু নিত্যানন্দ বৰা, অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মৃণ্ময় কুমাৰ নাথ, মৃণাল ৰাজবংশী, মুকুট হাজৰিকা, দিবাকৰ বড়া, চহিৰ ভূঞা, তৰুণ আজাদ ডেকা প্ৰমুখ্যে বহুসংখ্যক বিষয়ববীয়া আৰু হাজোৰোধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত শিল্পী সম্বর্ধনাত তিনিগৰাকী শিল্পী ক্ৰমে ভূপেন্দ্ৰ সংগীতৰ শিল্পী পুষ্প হাজৰিকা, ভ্রাম্যমাণ থিয়েটাৰৰ সংগীত শিল্পী তীর্থ চহৰীয়া আৰু লোকসংগীতৰ শিল্পী তিলোত্তমা ডেকাক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া ৭ বজাত ভূপেন্দ্র সংগীতৰ বিশিষ্ট শিল্পী দিলীপ বৰুৱাৰ উদ্বোধনত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত পুষ্প হাজৰিকাৰ গীত আৰু সীমা ডেকাৰ নৃত্যই সামৰণি অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰে। অন্যহাতে,প্ৰথম দিনা পুৱা ৭ বজাত বন্তি প্রজ্বলন কৰে প্রজ্বলক সমাজসেৱক প্রেমেশ্বৰ নাথে। ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে উত্তোলক শ্রীশ্রীগোবিন্দ মিশ্র সাহিত্য সভাৰ সভাপতি টংকেশ্বৰ ডেকাই । ৮-৪৫ বজা স্মৃতি তর্পণৰ কাৰ্যসূচীৰ ক্ৰমে বেদী উন্মোচন কৰে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি উপেন্দ্র চন্দ্র ডেকাই, মাল্যার্পণ কৰে কলাইগাঁও ৰাজহ চক্রৰ চক্র বিষয়া প্রিয়ংকা বণিয়া আৰু মুখ্য তর্পণ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বড়াই। ৯ বজাত গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী গুণেশ্বৰী ডেকা আৰু ভেৰগাঁওৰ ৰেচম অধীক্ষক ড° গুণমনি ডেকাই। ৯-১৫ বজাত গ্রন্থ বিপণি উদ্বোধন কৰে ওদালগুৰি জিলা সাহিত্য সভা সভাপতি মঃ তজৰ আলী আহমেদে। ৯-৩০ বজাত ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী ধীৰাজ কলিতাই। বিয়লি ২ বজাত সম্বর্ধনা অনুষ্ঠান আৰু ৩ বজাত ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য প্রতিযোগিতাৰ উদ্বোধন কৰে বিশিষ্ট নৃত্যশিল্পী কুশল ডেকাই । সন্ধিয়া ৭ বজাত ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবার্ষিকী উপলক্ষে এশগছি বন্তি প্রজ্বলন অনুষ্ঠানত বেদী উন্মোচক কৰে কলাইগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি শৰৎ চন্দ্ৰ বড়ো আৰু মুখ্য প্রজ্বলকৰূপে বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ মংগলচণ্ডী ব্রহ্ম ভাষা শিক্ষা গবেষণা কেন্দ্রৰ আহ্বায়ক অখিল কলিতাই। মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন প্রতিযোগিতাৰ উদ্বোধন কৰে চিত্রশিল্পী পুতুল নাথে। ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহণত অনুষ্ঠিত হোৱা বিশাল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি দিগন্ত বৰুৱাই।।