জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি যাঁচি আঁৰকাপোৰৰ গীতিআলখ্য পৰিবৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত শদিয়াত জন্ম গ্ৰহণ কৰা বিশ্ব বিশ্ৰুত শিল্পী ভাৰত ৰত্ন , সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিনটোত সমগ্ৰ অসমতে জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয় ৮ চেপ্তম্বৰ তাৰিখে। “অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ”ৰ উদ্যোগত আৰু “কামৰূপ জিলা প্ৰশাসন”ৰ সহযোগত আয়োজন কৰা জন্ম শতবাৰ্ষিকী গুৱাহাটীৰ দিছপুৰত অৱস্থিত পি. ডব্লিউ. ডি. প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ প্ৰসাশনৰ আমন্ত্ৰণ ক্ৰমে আঁৰকাপোৰৰ সদস্যসকলে পৰিবেশন কৰে এখনি গীতি আলখ্য। গীতি আলখ্য খনৰ ৰচক ধীৰাজ কুমাৰ আৰু লতিফ উদ্দিন আহমেদ। আবৃত্তি আৰু নৃত্য নিৰ্দেশনাত ভানুপ্ৰিয়া কলিতা। সংগীতত অহিৰণ কুমাৰ, পৰিকল্পনা আৰু পৰিচালনা ধীৰাজ কুমাৰ। আলখ্য খনত অংশগ্ৰহণ কৰা শিল্পী সকল ক্ৰমে চন্দন গৌতম, নমিতা গোস্বামী, ভানুপ্ৰিয়া কলিতা, ৰক্তিম চহৰীয়া, তন্ময় হালৈ, ৰাশি কলিতা, আয়ুষ চন্দ আৰু অনন্যা ডেকা।