গ্ৰন্থমেলাত গ্ৰন্থৰ সুৱাস – নিবেদিতা হাজৰিকা

গ্ৰন্থমেলাত গ্ৰন্থৰ সুৱাস

নিবেদিতা হাজৰিকা,লখিমপুৰ

শিৰোনামাতো দেখি বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হ’ব পাৰে যে গ্ৰন্থৰো সুৱাস থাকেনে বা থাকিব পাৰেনে? হয় গ্ৰন্থৰো আছে এক সুকীয়া সুৱাস। যি সুৱাসে নিচাসক্ত কৰি তোলে গ্ৰন্থৰ ।সেয়ে গ্ৰন্থপ্ৰেমী বহু জনে গ্ৰন্থ মেলাৰ বাবে অধীৰ ভাৱে অপেক্ষা কৰে।

গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ।কিতাপৰ সম পৰম বন্ধু নাই বুলিয়ে ক’ব পাৰি। কিতাপ নথকা ঘৰক খিৰিকী বিহীন কোঠাৰ লগত তুলনা কৰা হয়।যি ব্যক্তি এবাৰ কিতাপৰ প্ৰেমত পৰিছে, যি ব্যক্তিৰ কিতাপৰ লগত সম্পৰ্ক গঢ়ি উঠিছে তেনে ব্যক্তিৰ বাবে গ্ৰন্থমেলা এক উৎসৱৰ দৰে বুলি ক’ব পাৰি।এই আনন্দ আন আন উৎসৱৰ সমান মন আহ্লাদিত কৰা বতৰা বহুজনৰ বাবে।

শৰৎ কালৰ পৰাই অসমত গ্ৰন্থমেলাৰ বতৰ আৰম্ভ হয়।অসমৰ প্ৰান্তে-প্ৰান্তে উন্মোচিত হয় ভিন্ন স্বাদৰ কিতাপ আৰু এই বাণিজ্যিক অনুষ্ঠানৰ জৰিয়তে প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। গ্ৰন্থৰ সুৱাসেৰে সেই কেইদিন সুবাসিত হৈ পৰে। ন-পুৰনি লেখক -লেখিকা, সাহিত্যিকৰ চিন্তাৰ ফচল স্বৰূপ নতুন ৰসেৰে সমৃদ্ধ গ্ৰন্থৰ পৃথিৱী খনত যিয়ে এবাৰ ভৰি থৈছে তেওঁ অতি আগ্ৰহেৰে গ্ৰন্থ মেলালৈ অধীৰ ভাবে অপেক্ষা কৰি থাকে।

ভিন্ন ৰুচিবোধৰ কিতাপেৰে সমৃদ্ধ হৈ থকা গ্ৰন্থমেলাৰ বাকৰিত নিজৰ পছন্দৰ কিতাপ খনৰ সন্ধানত ঘূৰি ফুৰা গ্ৰন্থপ্ৰেমী সকলেৰে উদুলি- মুদুলি হৈ থকা , উদুলি-মুদুলি হৈ পৰা যি নান্দনিক পৰিৱেশ সেই পৰিৱেশ দেখিয়েই ভাল লাগে।সেই কেইদিন এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।

গ্ৰন্থ মেলাত যে কেৱল গ্ৰন্থ হে বিক্ৰী হয় তেনে নহয়। ইয়াত গ্ৰন্থৰ বেচা-কিনা বা উন্মোচন বা মুকলি হোৱাৰ উপৰিও গ্ৰন্থমেলা সমূহত বিভিন্ন আকৰ্ষণীয় তথা জ্ঞান বৰ্ধক অনুষ্ঠান আদিৰো আয়োজন কৰা হয়।

গ্ৰন্থৰ সমাদৰ বঢ়াৰ লগে-লগে গ্ৰন্থ মেলাৰ আয়োজন ও ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গ্ৰন্থ প্ৰেমী সকলৰ বাবে ই এক  শুভ বাৰ্তা। গ্ৰন্থৰ জনপ্ৰিয়তা আৰু পঢ়ুৱৈ সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা গ্ৰন্থমেলাৰ গুণগত মান যাতে অক্ষুণ্ণ থাকে সেই কথাৰ প্ৰতিও লক্ষ্য ৰখা উচিত ।গ্ৰন্থ মেলা সমূহ কেৱল বাণিজ্যিক ভিত্তিত আয়োজন নকৰি ইয়াৰ গুণগত মানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলেহে গ্ৰন্থমেলাৰ দ্বাৰা এখন সুস্থ  বৌদ্ধিক সমাজ গঢ় লৈ উঠাত সহায়ক হ’ব।বৰ্তমান বহুতো অঞ্চলতে গ্ৰন্থমেলা হৈ আছে। সেয়ে ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই  গ্ৰন্থৰ জগত খনত বিচৰণ কৰক আৰু ভিন্ন  গ্ৰন্থৰ সুৱাসত লাভ কৰক এক অনন্য  অভিজ্ঞতা।