তুমি সুৰৰ সাধক – চিমী বৰুৱা

তুমি সুৰৰ সাধক

চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী

তুমি সুৰৰ সাধক ড° ভূপেন হাজৰিকা
তোমাৰ গানে আমাৰ হৃদয়ত বোৱায় সুৰৰ বন্যা
 দেশপ্ৰেম মানৱতাৰ বাৰ্তা লৈ
তোমাৰ গানে আমাক কৰে অনুপ্ৰাণিত ।
তোমাৰ কণ্ঠ এক অদ্ভুত শক্তি
যি শক্তি বৈ যায় হৃদয়ৰ গভীৰতালৈ
তোমাৰ গানে আমাক দিয়ে আনন্দ ।
 ভূপেন দা তোমাৰ গান অসমৰ সম্পদ
 সুৰ কথা আৰু আবেগে আমাক কৰে আকৃষ্ট
তোমাৰ সৃষ্টি চিৰসেউজ চিৰকালীন
আমাৰ হৃদয়ত সদায় থাকিব!
সুৰৰ বৰ্ণিল যাদুকৰ ড° ভূপেন হাজৰিকা
তোমাৰ গানে আমাক সদায় কৰে মন্ত্ৰমুগ্ধ ।
তোমাৰ সৃষ্টিয়ে আমাক কৰে অনুপ্ৰাণিত আৰু
আমাৰ হৃদয়ত সুৰৰ জলপ্ৰপাত সদায় বৈ থাকিব ।