নেপালৰ অন্তৱৰ্তীকালীনচৰকাৰৰ নেতৃত্ব ল’বলৈ আগবাঢ়িছে কুলমন ঘিচিং
ৰঙিলী বাৰ্ত্তাসেৱা- ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা Gen-Z ৰ আন্দোলনে উৎখাত কৰিলে নেপালৰ চৰকাৰ। পূৰ্বৰ চৰকাৰৰ পতন আৰু আন্দোলন স্তিমিত হোৱাৰ পিছত নেপালত এতিয়া নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ যো–জা চলিছে। কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি দুয়োজনেই একাষৰীয়া হোৱাৰ পাছত নেপালৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব কুলমন ঘিচিঙৰ ওপৰত ন্যস্ত কৰা হৈছে। দেশৰ সেনাধ্যক্ষৰ সৈতে হোৱা বৈঠকত Gen-Zয়ে কুলমানৰ নাম প্ৰস্তাৱ কৰা বুলি খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে জামছেদপুৰৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা কুলমান ঘিছিং নেপালত এজন সৎ বিষয়া হিচাপে পৰিচিত। বিগত বৰ্ষত কে পি শৰ্মা অলীৰ চৰকাৰে তেওঁক আকস্মিকভাৱে পদৰ পৰা অপসাৰণ কৰাৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। এই বিষয়ত অলী চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। নেপালৰ ৰামেছাপত জন্মগ্ৰহণ কৰা কুলমান ঘিছিং শক্তি বিভাগৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিগত ২০১৬ চনত নেপাল চৰকাৰে তেওঁক শক্তি বিভাগৰ মুৰব্বী পদত নিযুক্তি দিয়ে। সুদীৰ্ঘ ৮ বছৰ এই পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ঘিছিঙে নিজা কাৰ্যদক্ষতাৰে এগৰাকী সৎ বিষয়াৰ ভাবমূর্তি গঢ়ি তুলিছিল। এন আই টি জামছেদপুৰৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা কুলমান ঘিছিঙে কাঠমাণ্ডুত বাস কৰি আহিছে।এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ঘিছিঙে জেনেৰেচন-জেডৰ প্ৰতিবাদক মুকলিকৈ সমৰ্থন আগবঢ়াইছিল। এতিয়া তেওঁৰ নামেই সৰ্বাধিক চৰ্চিত হৈছে প্ৰধানমন্ত্ৰীৰ দৌৰত।