লিমাৰিক
মালবিকা দেৱী,শোণিতপুৰ
(১)
তৰাই খুলিছে এটা ফেচবুক পেজ,
লাইক কমণ্ট দিব কৰিলে মেচেজ।
মেচেজটো পঢ়ি চাই,
কলো তোৰ কাম নাই।
ফেচবুক পেজ খুলি তয়ো হলি চেঞ্জ।
(২)
এতিয়া মহিলাবোৰ ডিজিটেল হ’ল,
স্বামীৰ তপা মূৰত ৰুটি বেলা হ’ল।
ইস্ত্ৰি আজি তাৱা হ’ল,
মূৰটো বেলনা হ’ল।
স্বামীয়ে ভাবে পত্নীৰ মূৰটোহে গ’ল।