সম্পৰ্কতো মামৰ লাগে !
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
চিনাকী জনৰ অসুস্থতাৰ সময়ত খবৰ বা সাহস হৈ থিয় দিছে নে? নি স্বাৰ্থ ভাৱে অসুস্থতাৰ খবৰ পোৱা পিছত প্ৰতি ক্ষণতে ফোন নাইবা মেচেজ কৰি খবৰ ৰাখি পাইছে নে? তেওঁ আপোনাৰ খবৰ লওক বা নলওক আপুনি তেওঁৰ দুখৰ সময় খিনিত সমভাগী হৈ পাইছে নে?
জীৱনৰ বাটত বহু ব্যক্তি,বন্ধু, সমন্ধীয় মানুহ গোট খাই, জীৱন সম্পূৰ্ণ কৰে। কেতিয়াবা সেই সম্পূৰ্ণ হৈ পৰা জীৱনটো আধৰুৱা হৈ পৰে, কিছু ব্যক্তিৰ অনীহা, অৱজ্ঞা, মূল্য দিব নজনাৰ দোষত। ভুল কাৰো নাথাকে মাথোঁ সময়ে কাঢ়ি নিয়ে। প্ৰয়োজনহীন হোৱাৰ পিছত আদৰ-সাদৰৰ অভাৱত। মামৰ ধৰা লোহাৰ দৰে কিছু সমন্ধত মামৰে ধৰে, বুজা-বুজি ,মৰম-চেনেহৰ অভাৱত।
টকা পইছাৰ সহায় কৰিব নোৱাৰিলেও যদি খবৰ ৰখা হয় ইজনে সিজনৰ তেতিয়া আচলতে কোনো সম্পৰ্কতে ঘূণে ধৰিব নোৱাৰে।আপোনাৰ চিনাকী কিমান ব্যক্তি আছে , ফোন নম্বৰ বা যাতায়ত কৰা। তেওঁলোকৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব নোৱাৰিলেও এষাৰ মাত দি সাহস হৈ পাইছে নে? ল’ব চোন খবৰ এটা! ভাল দিনৰ সময়ত নল’লেও তেওঁৰ বেয়া সময় খিনিত। ভাল দিনৰ সহায় পাহৰি গ’লেও মানুহে বেয়া দিনৰ সময় পাহৰি নাযায় কেতিয়াও। মামৰ লাগিব নিদিব সেই সম্পৰ্ক বিলাকত।ভালে থাকক আপুনি সদায়।