দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন। প্রত্যাশিতভাৱেই বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী ইণ্ডি জোঁটৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেষ্ট্ৰীক পৰাজিত কৰি দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়। ভোটগণনাৰ ফলাফল অনুসৰি এনডিএৰ প্রার্থী ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থী ৰেড্ডীয়ে ৩০০টা ভোট লাভকৰে। অৰ্থাৎ ১৫২টা বিশাল ভোটৰ ব্যৱধানত জয়ী হয় এনডিএৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন। উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ পৰা পূৰ্বে ঘোষণা কৰা অনুসৰি বিআৰএছ আৰু ডিজেডি বিৰত থাকে। দুয়োটা দলৰ ১১ ৰাজ্যসভাৰ সাংসদৰ লগতে আন তিনিগৰাকী লোকসভাৰ সাংসদেও ভোটদানৰ পৰা বিৰত থাকে। লোকসভাৰ তিনি সাংসদৰ ভিতৰত শিৰোমণি আকালি দলৰ হৰছিমৰাট কৌৰ বাদল, নিৰ্দলীয় সৰৱজিৎ সিং খালচা আৰু অমৃতপাল সিং। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভা আৰু লোকসভাৰ ক্ৰমে ২৪৫ আৰু ৫৪৩ সাংসদ মুঠ ৭৮৮ সদস্যই ভোটদান কৰাৰ যোগত্যা লাভ কৰে। ইয়াৰে ১২ মনোনীত ৰাজ্যসভাৰ সদস্যৰো ভোটদানৰ বাবে যোগ্যতা আছে। বর্তমান ৰাজ্যসভাত ৬টা আসন খালী থকাৰ বিপৰীতে লোকসভাত এখন আসন খালী আছে। ইয়াকে লৈ ভোটদানত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৩৯১। চলিত দুয়ো সদনত এনডিএৰ সাংসদ ৪২৫ আৰু বিৰোধীৰ ৩২৪। কিন্তু ভোটদানত এনডিএৰ প্ৰাৰ্থী ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থী ৰেড্ডীয়ে ৩০০টা ভোট পায়। অর্থাৎ এনডিএৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে বিৰোধীৰ ভোট হ্রাস পায়। এই কথাই স্পষ্ট কৰি দিয়ে যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ মাজত ভাঙোন আহিছে। অর্থাৎ ক্রছ ভোটিং হৈছে। দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱা চি পি ৰাধাকৃষ্ণন তামিলনাডুৰ তিৰুপুৰত ১৯৫৭চনৰ ৪ মে’ত জন্মগ্রহণ কৰিছিল। ১৯৭৩ চনত ১৬ বছৰ বয়সতে আৰএছএছৰ সৈতে সম্পর্কিত হোৱা ৰাধাকৃষ্ণনে সংঘৰ পৰাই আদৰ্শগত কথা শিকি সক্রিয় ৰাজনীতিত পদার্পণ কৰে। জনতা পাৰ্টীৰ জৰিয়তে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা ৰাধাকৃষ্ণনে পাছলৈ বিজেপিত যোগদান কৰি তামিলনাডুত দলটোৰ স্থিতি শক্তিশালী কৰি তোলে। ১৯৯৮ চনত সংসদীয় ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰা ৰাধাকৃষ্ণনে কৈম্বাটুৰ সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হিচাপে নির্বাচিত হৈছিল। ১৯৯৯ চনতো তেওঁ উক্ত সমষ্টিৰ পৰা জয়ী হৈছিল। তামিলনাডুৰ বিজেপিৰ সভাপতি হিচাপে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ কাৰ্যনিৰ্বাহ কৰা ৰাধাকৃষ্ণন পাছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে। ইপিনে, পৰাজিত প্রার্থী ইণ্ডি জোঁটৰ বি সুদৰ্শন ৰেঙী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল।