জানিবৰ মন যায়
ৰূপালী চুতীয়া
ডিব্ৰুগড়
কোনোদিনে দেখা নাই
যদিও .….
তোমাকেই প্ৰতিটো ক্ষণ
অনুভৱ কেনেকৈ কৰোঁ ?
লগ পোৱাৰ আগতেই
কেনেকৈ ……
এখন হাতেৰে আন এখন
হাতৰ স্পৰ্শ বিচাৰোঁ ?
মন দিয়াৰ উপৰিও
কেনেকৈ ……
এটি মনৰ কথা
আনজনে প্ৰকাশ কৰিব পাৰোঁ ?
কোনোদিনে নোলোৱা
হৃদয়ৰ …..
আৱেগ অনুৰাগ বোৰ
কেনেকৈ সাৱটিব জানো?
এজনে কষ্ট পালে
দুখবোৰ….
আনজনৰ অন্তৰে বাৰু
কেনেকৈ সহ্য কৰিব পাৰোঁ ?