ডিব্ৰুগড়ত  স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় পৰিপুষ্টি সম্পৰ্কত বক্তৃতানুষ্ঠান

ডিব্ৰুগড়ত  স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় পৰিপুষ্টি সম্পৰ্কত বক্তৃতানুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় ,পৰিপুষ্টি সপ্তাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় পেন্সনাৰ ভৱনত  ৬ ছেপ্তেম্বৰত এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। ডিব্ৰুগড় নাগৰিক মঞ্চ,পেঞ্চনাৰ সন্থা আৰু অসম বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাৰ উদ্যোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানটি  নাগৰিক মঞ্চ আৰু বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাৰ সভানেত্ৰী ড০ ভাৰতী দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। আৰম্ভণিতে সভাপতি আৰু বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় পেঞ্চনাৰ সন্থাৰ সম্পাদক মৃদুল শৰ্মাই।স্বাস্থ্য ৰক্ষাত পুষ্টিকৰ খাদ্যৰ প্ৰভাৱ সম্পৰ্কত সাৱলীল বক্তৃতাৰে ড০ শশীকান্ত শইকীয়াই বক্তৃতানুষ্ঠানখনি উদ্বোধন কৰে। ডিব্ৰুগড় বিজ্ঞান সমিতিৰ উপসভাপতি ড০ ৰঞ্জিত সিংহই উদ্দেশ্য ব্যাখ্যা কৰা  অনুষ্ঠানত মিৰ্জা নিজামুদ্দিন আহমেদৰদ্বাৰা পৰিৱেশিত এটি ভজনেৰে শুভাৰম্ভ কৰা হয়। মূল বক্তৃতা প্ৰদান কৰে খাদ্য বিশেষজ্ঞা ,অসম মেডিকেল কলেজৰ স্বাস্থ্য  শিক্ষা বিষয়া লুকিমা বৰুৱাই।পুষ্টি উপাদান যেনে শ্বেতসাৰ, প্ৰটিন, চৰ্বি, ভিটামিন,খনিজ পদাৰ্থ আদিৰ প্ৰয়োজনীয়তা আৰু এইসমূহৰ উৎস তথা শৰীৰৰ বাবে প্ৰয়োজনীয়তা সম্পৰ্কত সুদীৰ্ঘ ,সাৱলীল বক্তৃতা আগবঢ়ায় আৰু উপস্থিত সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে বক্তাগৰাকীয়ে। সভাপতি ড০ ভাৰতী দত্তই স্বাস্থ্যকৰ জীৱন যাপনত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা সম্বন্ধে সজাগতাৰ বাবে এনে অনুষ্ঠানৰ আয়োজন অতিকৈ প্ৰয়োজন বুলি কয় আৰু পৰিপুষ্টি সম্পৰ্কত নিজা বক্তব্য আগবঢ়ায়। সভাত বিশিষ্ট ব্যক্তি হিচাপে মঞ্চত আসন গ্ৰহণ কৰে অসম পেঞ্চনাৰ সন্থাৰ কাৰ্যকৰী।সভাপতি পৱন ফুকন আৰু ডিব্ৰুগড় পেঞ্চনাৰ সন্থাৰ মৃণালকান্তি বৰুৱাই। ডিব্ৰুগড় বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাস, সদস্যা চুলতানা হাজৰিকা,কোষাধ্যক্ষ ড০ যশোৱন্ত সিং,নাগৰিক মঞ্চৰ উপদেষ্টা মহেন বুঢ়াগোহাঁই, ইন্দ্ৰ গগৈ প্ৰমুখ্যে বিষয়ববীয়া, পেঞ্চনাৰ সন্থাৰ বিষয়ববীয়া, সান্তনা বৰুৱা, ড০ ৰাজেশ শ্বাহ,প্ৰণতি দত্ত,বিজয়লক্ষ্মী শৰ্মা গোস্বামী, হিৰণ্য সেনাপতিকে আদি  কৰি বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত আছিল।