বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডতে পৰাস্ত লাভলীনা
ৰঙিলী বাৰ্ত্তাসেৱা- ইংলেণ্ডৰ লিভাৰপুলত পূর্ণগতিত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় মাগিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। প্রতিযোগিতাখনৰ প্ৰথম বাউত বাই হিচাপে লাভ কৰা লাভলীনাই দ্বিতীয় ৰাউণ্ডৰ মেচখনত তুৰস্কৰ বুশ্বৰা ইছলিদাৰৰ হাতত শোচনীয়ভাবে ৫-০ৰ ব্যৱধানত পৰাজিত হয়। প্রতিযোগিতাখনৰ ৭৫ কেজি শাখাত অংশগ্ৰহণ কৰা লাভলীনাই তুৰষ্কৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ হাতত সহজেই আত্মসমর্পণ কৰে। ইছলিদাৰে প্ৰথমৰ পৰাই আক্ৰমণাত্মক পালেৰে লাভলীনাক চাপত ৰাখিছিল। মেচখনৰ প্ৰথম ৰাউণ্ডত লাভলীনাই কিছু প্রত্যাহ্বান জনাইছিল যদিও পৰৱৰ্তী দুয়োটা ৰাউণ্ডতে তুৰস্কৰ প্ৰতিদ্বন্দ্বী গৰাকীয়ে লাভলীনাক শক্তিশালী পালেৰে ধৰাশায়ী কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰে। ইফালে, দুবাৰৰ বিশ্ব চেম্পিয়ন নিখট জাৰিনে প্রি-কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। ৫১ কেজিৰ দ্বিতীয় ৰাউণ্ডৰ মেচখনত জাৰিনে আমেৰিকাৰ জেনিফাৰ ল’জানোেক সহজেই ৫-০৩ পৰাস্ত কৰি অন্তিম ১৬লৈ উন্নীত হয়। আনহাতে, জইছমিন লম্বোৰিয়াই ৫৭ কেজি আৰু এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী নৰেন্দৰ বেড়ৱালে ৯০ কেজি শাখাৰ প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।