ভাৰতৰ কঠোৰ স্থিতিত সুৰ সলনি ট্রাম্পৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ পৰা তেল ক্রয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অতিৰিক্ত শুল্ক ৫০ শতাংশ আৰোপ কৰাক লৈ ভাৰত-মার্কিন সম্পর্কত অৱনতি ঘটাই নহয়, ঘনিষ্ঠ বন্ধু আখ্যায়িত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতেও বন্ধুত্ব তিক্ততাপূৰ্ণ হৈ পৰে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা অতিৰিক্ত ৫০ শতাংশ শুল্কক আওকাণ কৰি পূৰ্বৰ দৰেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাকে ধৰি সম্পৰ্কক আৰু অধিক শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰে ভাৰতে। প্রধানমন্ত্রী মোদীয়ে চীন ভ্রমণলৈ গৈ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সমান্তৰালকৈ টিয়ানঝিনত আয়োজিত এছচিঅ’ সন্মিলনৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্রধানমন্ত্রী মোদী। বিশ্বৰ তিনি বৃহত্তম শক্তি একলগ হোৱাত মার্কিন যুক্তৰাষ্ট্ৰ শংকিত হৈ পৰে। ৰাষ্ট্ৰপতি ট্রাম্পে নিজেই সামাজিক মাধ্যম ট্রুথৰ যোগেদি মোদী, জিনপিং আৰু পুটিনৰ আলোকচিত্ৰ প্ৰচাৰ কৰি চীনৰ ঘোৰ অন্ধকাৰত ভাৰত আৰু ৰাছিয়াক হেৰুওৱা বুলি স্বীকাৰ কৰে। ইয়াৰ কেইঘণ্টামান পাছতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, প্রধানমন্ত্রী মোদীৰ সৈতে বন্ধুত্বক লৈ সামাজিক মাধ্যম ট্রুথত মন্তব্য প্রকাশ কৰে। ৰাষ্ট্ৰপতি ট্রাম্পৰ সুৰ সলনি হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰতৰ সম্পৰ্ক বিশেষ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পর্ক শক্তিশালী বুলি মন্তব্য কৰে। ট্রাম্পে কয়- মই সদায়ে মোদীৰ সৈতে বন্ধু হৈ থাকিম। তেওঁ এগৰাকী মহান প্রধানমন্ত্রী। মই সদায়ে তেওঁৰ বন্ধু হৈ থাকিম। কিন্তু মই পছন্দ নকৰোঁ এই বিশেষ ক্ষণত তেওঁ কি কৰি আছে। কিন্তু ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক বিশেষ সম্পর্ক আছে। ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাই। সময়ৰ ক্ষণত আমি। ইপিনে ট্রাম্পৰ এই বাৰ্তাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়- ৰাষ্ট্ৰপতি ট্রাম্পৰ সংবেদনশীলতা আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক লৈ তেওঁক মই গভীৰভাৱে প্ৰশংসা কৰিছোঁ। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যন্ত ইতিবাচক, ব্যাপক আৰু আন্তর্জাতিক কৌশলগত অংশীদাৰিত্বৰে আগবাঢ়ি যোৱাৰ পথত। উল্লেখ্য যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ মাজত ঘনিষ্ঠ বন্ধুত্ব থকা বুলি বিশ্বজুৰি জ্ঞাত। চলিত বৰ্ষত প্রধানমন্ত্রী মোদীয়ে হোৱাইট হাউছ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ‘আৱাৰ জানী টুগেদাৰ’ শীর্ষক এখন গ্রন্থ মোদীক উপহাৰ দিছিল। সেই গ্রন্থখনত দুয়োগৰাকী নেতাৰ পূৰ্বৰ বিভিন্ন আলাপৰ লগতে কাৰ্যসূচীও সন্নিবিষ্ট কৰা আছিল।