ৰাজ্যত ১২ আবেদনকাৰীৰ তিনিজনেহে ‘কা’ৰ অধীনত পাইছে নাগৰিকত্বঃমুখ্যমন্ত্ৰী

ৰাজ্যত ১২ আবেদনকাৰীৰ তিনিজনেহে ‘কা’ৰ অধীনত পাইছে নাগৰিকত্বঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ‘কা’ৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘কা’খন ইতিমধ্যে সংসদত আইনৰূপে গৃহীত হৈছে। এই আইনৰ অধীনত অসমত মাত্র ১২জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিছে। মাত্র তিনিজন লোকেহে নাগৰিকত্ব পাইছে। বাকী ৯জনৰ আবেদনসমূহ পৰীক্ষা কৰি থকা হৈছে। গতিকে অসমৰ ক্ষেত্ৰত এই আইনখনৰ গুৰুত্ব কিমান তাক ইয়াৰ পৰাই অনুভৱ কৰিব পাৰি। এই আইনৰ জৰিয়তে ২০-২৫ লাখ বিদেশী আহিব বুলি যি টার্গেট দিছিল, তাৰ বিপৰীতে ১২জনেহে আবেদন কৰিছে যোৱা দুবছৰত। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিতা আছে সেয়া বিবেচনা কৰিলেই হ’ল।