‘সখী এক্সপ্ৰেছ’ আঁচনিৰ অধীনত ৯,৭০৪ কমিউনিটী কেডাৰলৈ স্কুটাৰ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ‘সখী এক্সপ্ৰেছ’ আঁচনিৰ অধীনত ৰাজ্যিক জীৱিকা অভিযানৰ ৯,৭০৪ গৰাকী ‘কমিউনিটী কেডাৰ’ক স্কুটাৰ আৰু ‘আজীৱিকা গ্রামীণ এক্সপ্ৰেছ যোজনা’ৰ অধীনত ‘ক্লাষ্টাৰ লেভেল ফেডাৰেচন’লৈ ৫১খন ব্যৱসায়িক বাহন- প্ৰদানৰ আনুষ্ঠানিকভাৱেবে শুভাৰম্ভ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০২০-২১ বৰ্ষৰ বাজেটত সকলো জীৱিকা সখীক স্কুটাৰ প্ৰদানৰ উদ্দেশ্যে ‘সখী এক্সপ্ৰেছ’ নামৰ এখন আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিছিল। ২০২২-২৩ বৰ্ষত এই পদক্ষেপৰ সম্প্ৰসাৰণ ঘটাই জীৱিকা সখীৰ উপৰি পশু সখী, কৃষি সখী, বেংক সখী, বীমা সখী, চিআৰপি-এণ্টাৰপ্ৰাইজ প্ৰম’চন, মাষ্টাৰ বুক কিপাৰ, ইণ্টাৰনেল মেণ্টৰ, এমচিপি ট্ৰেইনাৰ, বিডিএছপি আদি সকলো কেডাৰকে কমিউনিটী কেডাৰ হিচাপে সামৰি লোৱা হয়। আঁচনিখনৰ অধীনত ২০২০-২১ আৰু ২০২১-২২ বর্ষত ১০,৯০৮ গৰাকী কমিউনিটী কেডাৰে স্কুটাৰ লাভ কৰা বিপৰীতে ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৯,৭০৪ গৰাকীক স্কুটাৰ প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এনে প্ৰতিগৰাকী কেডাৰে স্কুটাৰৰ লগতে একোটাকৈ হেলমেট লাভ কৰিছে আৰু ইন্ধন ক্ৰয়ৰ বাবেও তেওঁলোকে প্রতিমাহে ৫০০ টকাকৈ পাব। আনহাতে, ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যাসকলক বহনক্ষম বিকাশৰ সুযোগ প্রদানৰ লক্ষ্যৰে তেওঁলোকক গ্রাম্য ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত কৰিবলৈ প্ৰয়াস কৰিছে। এই প্রয়াসৰ আধাৰত ‘আজীৱিকা গ্রামীণ এক্সপ্ৰেছ যোজনা’ৰ জৰিয়তে প্রায় ৪ কোটি টকা ব্যয়েৰে ১০খন জিলাৰ ১৫টা উন্নয়ন খণ্ড সামৰি ৫১খন ব্যৱসায়িক বাহনৰ সেৱা আৰম্ভ কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে। এই বাহনসমূহে দুর্গম গাঁৱৰ সৈতে বজাৰ, শিক্ষানুষ্ঠান আৰু চিকিৎসালয় আদিৰ যোগাযোগ সুচল কৰিব। শুভাৰম্ভ কৰা এই আঁচনিখনে ৫১টা ক্লাষ্টাৰ লেভেল ফেডাৰেচনক উপকৃত কৰিব। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত মহিলা সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সেয়ে মহিলা সবলীকৰণৰ দিশত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি বহুকেইখন গুৰুত্বপূৰ্ণ আঁচনি গ্রহণ কৰিছে। অৰুণোদয়, নিযুত মইনা, পঞ্চায়তত মহিলাৰ বাবে আসন সংৰক্ষণ, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আদি তেনেধৰণৰ আঁচনিসমূহৰ অন্যতম। আমি বিচাৰিছোঁ পৰিয়ালসমূহত যাতে মহিলাসকলৰ মন্তব্যকো গুৰুত্বসহকাৰে লোৱা হয়। মহিলা সবলীকৰণৰ জৰিয়তেহে এয়া সম্ভৱ হৈ উঠিব। ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ ফলত আজি এচাম নতুন মহিলা সমাজলৈ আগবাঢ়ি আহিছে, যিসকল সমাজৰ আদৰ্শৰূপে পৰিগণিত হৈছে। জীৱিকা সখীসকলৰ প্ৰচেষ্টাৰ ফলতেই ৰাজ্যত প্রায় ৪০ লাখ মহিলাই আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ পৰিছে আৰু বিভিন্ন উৎপাদনমুখী কাম-কাজত জড়িত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰায় ৩ লাখ আত্মসহায়ক গোটে ৫৫৬ কোটি টকাৰ ঘূর্ণীয়মান পুঁজি লাভ কৰিছে আৰু প্ৰায় ২ লাখৰো অধিক আত্মসহায়ক গোটে ১,০৮৯ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰাৰ লগতে প্রায় ৭.৫০ লাখ আত্মসহায়ক গোটে প্রায় ১৬ হাজাৰ কোটি টকাৰ বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। এয়া এক ডাঙৰ সফলতা। ঋণ হিচাপে লাভ কৰা ১৬ হাজাৰ কোটি টকাৰ ৯৯ শতাংশ ধনেই আত্মসহায়ক গোটৰ মহিলাসকলে বেংকসমূহক ওভতাই দিবলৈ সমর্থ হৈছে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে যে ৰাজ্যত প্ৰায় ১৯ হাজাৰ জীৱিকা সখী, কৃষি সখী আদিকে ধৰি আন কমিউনিটী কেডাৰ আছে। ইয়াৰে প্ৰায় ৫ হাজাৰ জীৱিকা সখীৰ তিনিটাকৈ অধিক সন্তান থকাৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানত অন্তর্ভুক্ত কৰিব পৰা হোৱা নাই। কমিউনিটী কেডাৰসকল হৈছে সমাজৰ আদৰ্শস্বৰূপ। সেয়ে তেওঁলোকে সন্তানৰ সংখ্যা সীমিত ৰাখি উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা আদিৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। আমাৰ জীৱিকা সখীসকল সকলোতে মূলাগাভৰু হ’ব লাগিব। আমি বিচাৰিছোঁ, প্ৰতিটো পৰিয়ালত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত যাতে মহিলাসকলে নিজৰ অভিমত দাঙি ধৰিব পাৰে। তেওঁ বাল্যবিবাহ ৰোধৰ দিশতো গুৰুত্ব প্ৰদান কৰিবলৈ জীৱিকা সখীসকলক আহ্বান জনায়। অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰে যে যিসকল জীৱিকা সখীয়ে বিভিন্ন কাৰণত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, তেনে প্ৰতিগৰাকী মহিলাকে আঁচনিখনৰ সুবিধা পোনপটীয়াকৈ প্রদান কৰা হ’ব আৰু তেওঁলোকে আঁচনিখনৰ অধীনত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবদ ২৫০ টকাৰ ৰাজসাহায্যও লাভ কৰিব। তেওঁ লগতে ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত স্কুটাৰ লাভ কৰা সকলো কমিউনিটী কেডাৰক হেলমেট পৰিধান কৰিহে বাহনসমূহ চলাবলৈ আহ্বান জনায়। লগতে এতিয়াৰে পৰা কমিউনিটী কেডাৰৰ সকলো ‘সখী’য়ে সমান সা-সুবিধা লাভ কৰিব বুলি তেওঁ সদৰী কৰে। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিবহণ মন্ত্রী যোগেন মহন, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নৱ কুমাৰ দলে, ধৰ্মেশ্বৰ কোঁৱৰৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে।