জাপান ভ্রমণ সামৰি চীনত উপস্থিত প্রধানমন্ত্রী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- জাপানৰ দুদিনীয়া ভ্রমণ সামৰি শনিবাৰে বিয়লি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চীনৰ টিয়ানঝিনত উপস্থিত হয়। গালৱান সংঘৰ্ষৰ পাছত দুয়ো দেশৰ মাজত হোৱা উত্তেজনাৰ পাছত ৭ বছৰৰ মূৰকত প্রধানমন্ত্রী মোদীৰ চীন ভ্রমণক লৈ ব্যাপক চর্চা অব্যাহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্ক ৫০ শতাংশক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে মোদীৰ চীন ভ্রমণ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। টিয়ানঝিনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি জনোৱা হয়। ছাংহাই কো-অপাৰেচন অর্গেনাইজেচন, চমুকৈ এছচিঅ’ৰ সন্মিলনত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অংশগ্ৰহণ কৰিবলগীয়া প্রধানমন্ত্রী মোদীয়ে এই চীন ভ্ৰমণৰ সময়তে দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকত মিলিত হ’ব। ইপিনে টিয়ানঝিনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয়ৰ সৈতেও আলাপত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ শিল্পীৰ দ্বাৰা ভাৰতীয় সংগীত পৰিৱেশন উপভোগ কৰি আপ্লুত হৈ পৰে। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।