দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ৰ বিধানসভা নির্বাচন আৰু সমাগত বিটিচি নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ গুৱাহাটীত উপস্থিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। অসমত বিজেপিক পুনৰ শাসনলৈ আনিবলৈ কিছু আগতীয়াকৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্যখনলৈ অহা অমিত শ্বাহে পঞ্চায়ত প্রতিনিধি সন্মিলনৰ জৰিয়তে আৰম্ভ কৰিব ‘২৬ৰ নিৰ্বাচনৰ কুচকাৱাজ। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দলৰ প্ৰস্তুতিক লৈ অনুষ্ঠিত কৰিলে ক’ৰ কমিটীৰ বৈঠক। মুখ্যতঃ এই ক’ৰ কমিটীৰ জৰিয়তে দলীয় কার্যকর্তা তথা দলৰ দায়িত্ব কি হ’ব তাক বিস্তৃতভাৱে ব্যাখ্যা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি ১৮জনীয়া ক’ৰ কমিটীৰ বৈঠকত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সমাগত বিটিচি নির্বাচনক লৈও বিভিন্ন দিশ আলোচনা কৰে। ২০২৬ চনৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিশেষ প্রস্তুতি আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে তৃণমূল পর্যায়ত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে প্ৰস্তুত কৰিছে ৰণকৌশল। এইক্ষেত্ৰত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক বিশেষ দায়িত্ব প্রদান কৰাই নহয়, প্রতিখন জিলাত একোজনকৈ প্ৰভাৰী আৰু সহঃপ্ৰভাৰী নিয়োগ কৰি আৰম্ভ কৰিছে নিৰ্বাচনৰ কুচকাৱাজ। ক’ৰ কমিটীৰ বৈঠকত দলে বিটিচি নির্বাচন তথা ‘২৬ৰ বিধানসভা নিৰ্বাচনত কি ৰণকৌশলেৰে আগবাঢ়িব তথা আগন্তুক সময়ছোৱাত চৰকাৰ তথা দলৰ কৰ্মৰাজি কি হ’ব সেই সন্দর্ভতো অমিত শ্বাহৰ উপস্থিতিতেই বিভিন্ন দিশ আলোচনা হয়। বিশেষকৈ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক নেতৃত্বলৈ প্ৰতিগৰাকী নেতা-কাৰ্যকৰ্তাৰ ভূমিকা তথা কর্তব্যক লৈও আজি অমিত শ্বাহে এলানি পৰামৰ্শ প্রদান কৰে। ক’ৰ কমিটীৰ বৈঠকতে বিৰোধী ঐক্য তথা কংগ্ৰেছৰ ৰাজনৈতিক কৌশল, বিধানসভা নির্বাচনত বিৰোধীয়ে গ্ৰহণ কৰিবলগা স্থিতি সন্দৰ্ভতো ক’ৰ কমিটীৰ বৈঠকত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। ইফালে বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাজনো নেতাই উষ্ম আদৰণি জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱা অমিত শ্বাহে বাজপেয়ী ভৱনতে নিশাৰ আহাৰ গ্ৰহণ কৰে।