প্ৰেম এক সৰগীয় অনুভূতি – যমুনা দুলু বৈশ্য

Pc Freepik

প্ৰেম এক সৰগীয় অনুভূতি

যমুনা দুলু বৈশ্য,শুৱালকুছি

জীৱন যাত্ৰাত
দিগন্তৰ সীমনাত ঠেকা খালেও
প্ৰেমেহে পোহৰাই জীৱন পথ ,
নিঃসঙ্গতাৰ সন্ধ্যাবোৰ
ধূসৰ হ’লে ,
মোক মোৰ স’তে পৰিচয় হোৱা
প্ৰেম,এক সৰগীয় অনুভূতিৰে—-!
সফলতাৰ বাখৰুৱা বাসনাবোৰ
পূৰ্ণকৰা ৰং তুলিকাৰে —জীৱনৰ কেনভাচ ,
তেতিয়া—
জীৱন হ’ব মধুময়
ঘৰখনো হৈ পৰিব সুখৰ আলয়
এনেকৈ—
নিৰৱধি নদী হৈ
সেউজীয়া পথাৰৰ বুকুত,
সুজলা-সুফলা শস্য শ্যামলা
সৃষ্টিৰ সঞ্জীৱনী –সুধাৰে,
প্ৰেম ,ভালপোৱাৰ প্ৰৱাহিনীৰে
সোণসেৰীয়া সম্ভাৰৰে —
প্ৰাণ পাব ,
জীৱনৰ অনাবিল প্ৰাপ্তি ।