দুদিনীয়া কাৰ্যসূচীৰে ১৩ ছেপ্টেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে অহা ১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই অসম ভ্রমণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সবিশেষ সদৰী কৰিলে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী মোদীয়ে ৮ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও ৯ ছেপ্টেম্বৰত হ’বলগা উপ-ৰাষ্ট্ৰপতি নির্বাচনৰ বাবে তেওঁ ১৩ আৰু ১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়- প্রধানমন্ত্রীৰ লগত জড়িত যিখিনি কার্যসূচী, বিশেষকৈ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ কাৰ্যসূচীসমূহ ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব। অৱশ্যে ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উক্ত দিনাই অনুষ্ঠিত কৰা হ’ব। ৮ ছেপ্টেম্বৰত জন্ম শতবার্ষিকী অনুষ্ঠান কিদৰে কৰা হ’ব সেই সন্দৰ্ভত আজি সবিশেষ আলোচনা কৰা হ’ব। প্রধানমন্ত্রী মোদী ১৩ ছেপ্টেম্বৰত বিয়লি ৫.৩০ বজাত উপস্থিত হৈ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত ভাগ ল’ব। এই অনুষ্ঠানৰ পাছতে নিশা গুৱাহাটীতে কটাব প্রধানমন্ত্রী মোদীয়ে। আনহাতে ১৪ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত তেওঁ মঙলদৈলৈ যাব আৰু বিয়লি তেওঁ নুমলীগড়লৈ যাব। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দৰং জিলা ভ্রমণকালত ১৪ ছেপ্টেম্বৰৰ দিনা ৭ হাজাৰ কোটিটকীয়া ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই বিং ৰোডে বাইহাটা-কুৰুৱা-নাৰেংগী-কচুতলী-খানাপাৰাক সংযোগ কৰিব। আনহাতে তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব লগা কুৰুৱা-নাৰেংগী দলং আৰু মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব। আনহাতে বিয়লিৰ ভাগত গোলাঘাট জিলাত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে ৪,২০০ কোটি টকা ব্যয়সাপেক্ষে স্থাপন হোৱা নুমলীগড়ত বায়’-ৰিফাইনেৰী উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাতো ভাষণ দিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিবলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠান উপলক্ষে ৰাজ্য চৰকাৰে ইতিমধ্যে এক প’র্টেল মুকলি কৰিছে । এই প’ৰ্টেলৰ জৰিয়তে উক্ত অনুষ্ঠান চাব বিচাৰিলে সাধাৰণ লোকে আবেদন কৰিব পাৰিব।