ভিন্নধৰ্মীৰ ভূমি ক্রয় বিক্ৰয়ৰ এছঅ’পিত অনুমোদন ৰাজ্য চৰকাৰৰ

ভিন্নধৰ্মীৰ ভূমি ক্রয় বিক্ৰয়ৰ এছঅ’পিত অনুমোদন ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নামনি অসমৰ লগতে মধ্য অসমৰ কেইবাখনো জিলাত সন্দেহযুক্ত লোকৰ ভূমি আগ্রাসনে সৃষ্টি কৰা ভাবুকিক প্রতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে । বিশেষকৈ ভিন্নধর্মী লোকৰ মাজত ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত যাতে অধিক সাৱধানতা অৱলম্বন কৰিব পাৰি, সেই লক্ষ্যৰে আজি ৰাজ্যিক কেবিনেটে এক সু-শৃংখলিত পদ্ধতিত অনুমোদন জনায়। কার্যতঃ ইয়াৰ জৰিয়তে এতিয়াৰে পৰা ভিন্নধর্মী লোকৰ মাজত হ’বলগা ভূমি ক্রয়-বিক্রয় অসম আৰক্ষীৰ বিশেষ শাখাৰ প্রতিবেদনৰ ওপৰতহে নিৰ্ভৰ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আন্তঃধর্মীয় ভূমি হস্তান্তৰ তথা স্থাবৰ সম্পত্তি হস্তান্তৰৰ বিষয়টো সন্দৰ্ভত সবিশেষ সদৰী কৰি উল্লেখ কৰে যে এতিয়াৰে পৰা দুজন ভিন্নধর্মী লোকে ভূমি ক্রয়-বিক্রয় কৰিব খুজিলে সেই ক্রয়-বিক্রয়ৰ সকলো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব। জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়- মাটি ক্রয়-বিক্রয়ৰ প্ৰস্তাৱসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱসমূহ উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব। উপায়ুক্তৰ কাৰ্যালয়ে এই প্রস্তাৱসমূহ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগৰ কাৰ্যালয়ত এজন ন’ডেল বিষয়া থাকিব। তেওঁ এই প্রস্তাৱসমূহ পৰীক্ষা কৰি অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰিব। আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাই ভূমি ক্রয়-বিক্ৰয়ৰ বিষয়টোত মুখ্যতঃ চাৰিটা দিশ পৰীক্ষা কৰিব। সেই অনুসৰি মাটি ক্রয়-বিক্রয় প্রক্ৰিয়া প্ৰৱঞ্চনামূলক, জোৰ-জবৰদস্তিমূলক বা অবৈধ ভূমি হস্তান্তৰ কৰা হৈছে নেকি তাক পৰীক্ষা কৰিব। দ্বিতীয়তে, মাটি ক্রয়-বিক্রয়ৰ বাবে ধনৰ উৎস কি? সেয়া পৰীক্ষা হ’ব। নির্দিষ্ট ভূমিখণ্ড ক্রয়-বিক্রয়ৰ ফলত অঞ্চলটোৰ সামাজিক গাঁথনিত প্ৰভাৱ পৰিছে নেকি তাক পৰীক্ষা কৰাৰ লগতে আৰক্ষীৰ বিশেষ শাখাই ইয়াত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোও পৰীক্ষা কৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব। উক্ত প্রতিবেদন চৰকাৰে সংশ্লিষ্ট জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব আৰু আয়ুক্তই এই প্রতিবেদনৰ ভিত্তিতে ক্রয়-বিক্রয়ত অনুমতি দিব নে নিদিব, তাৰ সিদ্ধান্ত ল’ব। মুখ্যমন্ত্রী ড০ শৰ্মাই ইয়াকো স্পষ্ট কৰে যে এইক্ষেত্ৰত এক এছঅ’পি অচিৰেই প্ৰস্তুত কৰা হ’ব। আনহাতে এই এছঅ’পি অসমৰ বাহিৰৰ স্বেচ্ছাসেৱী সংগঠনসমূহৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো স্পষ্ট কৰে যে এক বিশেষ সম্প্ৰদায়ৰ লগত জড়িত স্বেচ্ছাসেবী সংগঠন তথা এনজিঅ’ই অসমত মাটি কিনাৰ চেষ্টা চলাই আছে। তেওঁ কয়- বৰপেটাত এইদৰে কেইবাটাও এনজিঅ’ই ভূমি ক্ৰয় কৰিছে। শ্রীভূমি, বৰপেটা আদি অঞ্চলত কেৰালাৰ কেইবাটাও এনজিঅ’ই মাটি ক্রয় কৰিছে আৰু বৰাকভেলীতো এই এনজিঅ’কেইটাই ভূমি ক্ৰয়ৰ চেষ্টা চলাই আছে। এইক্ষেত্ৰত চৰকাৰে বিশেষ নজৰ দি আছে। বৰপেটাত ভূমি ক্রয় কৰাৰ বিপৰীতে কেৰালাৰ এনজিঅ’ই শিলচৰ আৰু শ্রীভূমিত ভূমি ক্ৰয়ৰ বাবে চেষ্টা চলাই আছে।