দিল্লীৱালা জমিয়ত নেতাৰ শেহতীয়া বক্তব্য আৰু বিতৰ্কৰ আঁহ ফালি লুৰীণজ্যোতি গগৈৰ বিস্ফোৰণ

দিল্লীৱালা জমিয়ত নেতাৰ শেহতীয়া বক্তব্য আৰু বিতৰ্কৰ আঁহ ফালি লুৰীণজ্যোতি গগৈৰ বিস্ফোৰণ
আজমলৰ ঠাইত মাদানীৰ মুখ ব্যৱহাৰ কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ কৌশল হিমন্ত বিশ্ব শৰ্মাৰ
মেহমুদ মাদানী এন ডি এৰ অংশীদাৰ দল আৰ এল ডিৰ ৰাজ্যসভাৰ সাংসদ আছিল : লুৰীণ

ৰঙিলী বাৰ্ত্তাসেৱা-  জমিয়ত নেতা মেহমুদ মাদানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ভিতৰুৱা বুজাবুজি আছে। এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল বৰ্তমানে অসমত অপ্ৰাসংগিক হৈ পৰাত আজমলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়েহে মাদানীৰ জৰিয়তে শেহতীয়া বিতৰ্কৰ সৃষ্টি কৰিছে। – এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতিগৰাকীৰ মতে, অসমত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই আপ্ৰাণ চেষ্টা চলায়ো সফল হ’ব পৰা নাই। পূৰ্বে যেনেকৈ বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিছিল, এইবাৰ সেই সুবিধাটো উলিয়াব পৰা নাই। গতিকে বিজেপিক এতিয়া আজমলৰ দৰে মুখ এখনৰ প্ৰয়োজন। সেই কাৰণে ভিতৰুৱা বুজাবুজিৰে মাদানীক অসমত প্ৰাসংগিক কৰি তুলিবলৈ চেষ্টা কৰি থকা হৈছে। মাদানীৰ শেহতীয়া বক্তব্যক লৈ যিটো বিতৰ্ক চলি আছে, সেই বিতৰ্ক হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ গোপন বুজাবুজিৰে সৃষ্টি কৰা হৈছে।উল্লেখযোগ্য যে জমিয়ত উলেমা হিন্দ নামৰ ধৰ্মীয় সংগঠনটোৰ মেহমুদ মাদানী গোটৰ ৰাষ্ট্ৰীয় সভাপতি চৈয়দ মেদমুদ আছাদ মাদানীয়ে অলপতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে বুলি কৰা এটা বক্তব্যই অসমত বিতৰ্কৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেইবাগৰাকী নেতাৰ লগতে আন কেইবাটাও সংগঠনৰ নেতাই মাদানীৰ উক্ত বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদ মেলৰ আয়োজন কৰি বিজেপি দল আৰু ইয়াৰ নেতাসকলৰ সৈতে মেহমুদ মাদানীৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ তথ্য ৰাজহুৱা কৰে। তেওঁ কয় যে মেহমুদ মাদানী বিজেপি দলৰ ঘনিষ্ঠ মানুহ। তেওঁ ৰাষ্ট্ৰীয় লোক দল চমুকৈ আৰ এল ডি দলৰ পৰা ২০০৬ চনত ৰাজ্য সভাৰ সাংসদ হৈছিল। আৰ এল ডি দলটো হৈছে কেন্দ্ৰৰ শাসনাধিষ্ঠিত এন ডি এৰ অংশীদাৰ দল। আৰ এল ডি দলটো হৈছে বিজেপি দলৰ সহোদৰ ভাতৃ। ১৯৭৭ চনত বিজেপিৰ পিতৃ দল ভাৰতীয় জনসংঘই আন ৪টা দলৰ লগ লাগি জনতা দলৰ জন্ম দিছিল। জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰণ সিং। সেই জনতা দলৰ পৰা ওলাই আহি ১৯৮০ চনত বিজেপি দলৰ জন্ম হৈছিল। পিচত ১৯৯৬ চনত জনতা দলৰ পৰা ওলাই গৈ চৰণ সিঙৰ পুত্ৰ অজিত সিঙে আৰ এল ডি দলৰ জন্ম দিছিল। গতিকে মেহমুদ মাদানী যে মোদীৰ মানুহ সেইটো স্পষ্ট। বদৰুদ্দিন আজমল আৰু মেহমুদ মাদানী ব্যক্তিগত বন্ধু। দুয়ো দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত পঢ়া। তেওঁলোকৰ বাল্যকালৰে পৰা একেলগে উঠা-বহা। গতিকে মেহমুদ মাদানী যে মোদীৰ মানুহ সেইটো স্পষ্ট।গগৈয়ে কয় যে মেহমুদ মাদানীয়ে জমিয়তৰ যিটো গোটক নেতৃত্ব দিয়ে, বদৰুদ্দিন আজমল হৈছে জমিয়তৰ সেইটো গোটৰ অসম ৰাজ্যিক সভাপতি। আনহাতে, মেহমুদ মাদানী আৰু নৰেন্দ্ৰ মোদীৰ সৈতে ২০০১ চন মানৰে পৰাই সম্পৰ্ক আছে বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে ২০০১ চনত – যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, সেই বছৰ গুজৰাটৰ ভূজ জিলাত হোৱা ভূমিকম্পত ২০ হাজাৰ মানুহ মৰিছিল; ৪ লাখৰ ওপৰত ঘৰ ভাঙিছিল। তেতিয়া সেই ঘৰবোৰ বনোৱাৰ কামবোৰ কৰিছিল মেহমুদ মাদানীয়ে। স্থানীয় মানুহক কাম নিদি মেহমুদ মাদানী আৰু জমিয়তক সেই কামটো কৰিবলৈ দিয়াত মুছলমান মানুহৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনবোৰৰ মনত ক্ষোভ পুঞ্জিভূত হৈছিল। সেই কথাটো গুজৰাটৰ ২০০২ চনৰ হিন্দু-মুছলমান সংঘৰ্ষৰ এটা উপলক্ষ্য আছিল। বহুতে কয়, তেতিয়াৰে পৰা মোদীৰ সৈতে বুজাবুজি আছে মেহমুদ মাদানীৰ।২০১৭ চনৰ ৯ মে’ৰ দিনা মেহমুদ মাদানীৰ নেতৃত্বত জমিয়তৰ এটা ২৫ জনীয়া প্ৰতিনিধি দলে নতুন দিল্লীত মোদীক সাক্ষাৎ কৰিছিল আৰু উক্ত দলটোত বদৰুদ্দিন আজমলো আছিল বুলি সংবাদ মেলত তথ্য দাখিল কৰি গগৈয়ে কয় যে আজমল, মাদানী আৰু বিজেপিৰ মাজত দীৰ্ঘদিনৰে পৰা সুসম্পৰ্ক আছে। গতিকে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ গোপন বুজাবুজিৰ জৰিয়তেই যে মাদানীক অসমত প্ৰাসংগিক কৰিব বিচৰা হৈছে, সেয়া স্পষ্ট বুলি গগৈয়ে মত প্ৰকাশ কৰে।