ডিব্ৰুগড়ৰ আমোলাপট্টি বৰনামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আন আন ঠাইৰ লগতে ডিব্ৰুগড়তো দক্ষিণ আমোলাপট্টি গাৰ্ডপাৰাস্থিত শ্ৰীশ্ৰীআমোলাপট্টি বৰনামঘৰত যোৱা ২৫ আগষ্টত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়৷ এই উপলক্ষে চিত্ৰাংকনৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰ লগতে বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়৷ বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা ড° অনিতা বৰুৱা আৰু নিতাইপুখুৰীৰ হেমচন্দ্ৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° সত্যদীপ লহকৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে চিত্ৰশিল্পী তথা চিত্ৰকলা প্ৰশিক্ষক অজয় কায়স্থই৷ প্ৰতিযোগিতা উদ্বোধন কৰা হয় গীতামণি বৰাই পৰিবেশন কৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত এটি বৰগীতেৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক ‘ শাখাত আদিত্য গুপ্তাই প্ৰথম, হংসৰাজ বৰদলৈয়ে দ্বিতীয় ৰিয়াঞ্চী দাসে তৃতীয় আৰু ‘খ ‘ শাখাত আয়ুষী আৰণা গগৈয়ে প্ৰথম,আৰিয়ানচ বাৰ্মাই দ্বিতীয় আৰু দেৱাশীষ দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ বক্তৃতা প্ৰতিযোগিতাৰ ‘ক ‘ শাখাত তনুশ্ৰী দৰবধৰাই প্ৰথম, ধীমানজ্যোতি মৰলে দ্বিতীয়; ‘খ ‘ শাখাত সমীৰ প্ৰতীম হাজৰিকাই প্ৰথম, অভীপ্সা শৰ্মাই দ্বিতীয়, শ্ৰেয়ণ মজুমদাৰে তৃতীয় আৰু ‘গ ‘ শাখাত শ্ৰুতি মৰলে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ পুৱা অনুষ্ঠিত নাম প্ৰসংগ পৰিচালনা আৰু ভাগৱত পাঠ কৰে নামঘৰৰ নামঘৰীয়া তথা নামাচাৰ্য দীনেশ চন্দ্ৰ বৰাই৷ সামৰণিত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীকে গুৰুজনাৰ জীৱন-কৰ্ম বিষয়ক একোখনিকৈ গ্ৰন্থ উপহাৰস্বৰূপে আগবঢ়োৱা হয়৷