ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ দিন
ৰঙিলী বাৰ্ত্তাসেৱা- সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ দিন আৰু সূচী।নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৬ ছেপ্টেম্বৰত।২২ ছেপ্টেম্বৰৰ পুৱা ৭বাজি ৩০ মিটিনৰ পৰা আৱেলি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২ ছেপ্টেম্বৰ। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন ৪ ছেপ্টেম্বৰ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ। ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। ইয়াৰে ৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে। অন্য ৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি। পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্রহণ।BTCত মুঠ ভোটাৰ ২৬,৫৭,৯৩৭ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰ ১৩,২৩,৩৯৯গৰাকী।একেদৰে মহিলা ভোটাৰ ১৩,৩৪,৫২১ গৰাকী।