মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ মৃত্যু 

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-এক মৰ্মান্তিক ঘটনা । ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত জটিয়নি গাঁৱৰ নৱনির্মিত চাৰিলেনযুক্ত পথৰ ওপৰত আজি পুৱা প্রায় ৭.৩০ বজাত সংঘটিত এটা পথ দুর্ঘটনাই সমগ্ৰ মৰাণ অঞ্চলক জোকাৰি যোৱাই নহয়, পথালিবাম অঞ্চল আৰু মৰাণহাটস্থিত ছেণ্ট যোছেফ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শোকৰ বন্যা বোৱায়। ঘটনাৰ বিৱৰণী অনুসৰি, পথালিবাম পানীতোলা গাঁও নিৱাসী তথা খোৱাং স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী ৪৫ বছৰীয়া খগেন বৰুৱাই একমাত্র পুত্র ছেন্ট যোছেফ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ১৩ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ যুগল কিশোৰ বৰুৱাক নিজৰ AS-06 AL-0655 নম্বৰত হুণ্ডাই এক্সটাৰ গাড়ীত লৈ বিদ্যালয়ত থ’বলৈ ঘৰৰ পৰা ওলাই আহিছিল।

বিদ্যালয়লৈ আহি থকা পথতে মৰাণ খটখটিৰ জটিয়নিৰ সমীপত নৱনির্মিত চাৰিলেনযুক্ত পথৰ এয়াৰ ৰানৱেত বিপৰীত দিশৰ পৰা গৈ থকা AS-03 CC-1559 নম্বৰৰ বলেৰ’ পিকআপ বাহনৰ সৈতে মুখামুখি সংঘর্ষত পতিত হয়। দুৰ্ঘটনাৰ ফলত হুণ্ডাই গাড়ীখন  চুচূৰ্মৈ হৈ পৰাৰ বিপৰীতে বলেৰ’ পিকআপখন পথৰ ওপৰতে বাগৰি পৰে। ফলত হুণ্ডাই বাহনত থকা খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা নিহত হয়। পিতৃ খগেন বৰুৱাক মৰাণ মেডিকেল চেণ্টাৰলৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। পুত্ৰ যুগল কিশোৰক তিলৈ সামূহিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল আৰু চিকিৎসালয়তে মৃত্যু হয়। খবৰটো বিয়পি পৰাৰ লগে লগে খোৱাং স্বাস্থ্যকেন্দ্ৰ আৰু ছেন্ট যোছেফ বিদ্যালয়ত সহকর্মী আৰু সতীৰ্থৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। তদুপৰি স্বামী আৰু পুত্ৰক হেৰুৱাই বর্তমান খগেন বৰুৱাৰ পত্নী একমাত্র কন্যাসহ নিঠৰুৱা হৈ পৰিছে। আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।