ফিজিৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ 

ফিজিৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত ভ্ৰমণলৈ অহা ফিজিৰ প্রধানমন্ত্রী চিটি ভেনী লিগামামাদা ৰাবুকাৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ বৈঠকৰ অন্তত যুটীয়া সংবাদ বিবৃতিত প্রধানমন্ত্রী মোদীয়ে কয়- ফিজিৰ সৈতে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পাৰস্পৰিক সমন্বয় শক্তিশালী কৰা হ’ব। দুয়োখন দেশৰ ঐতিহাসিক সম্পৰ্কৰ আধাৰত দ্বিপাক্ষিক সম্পর্ক উন্নীতকৰণত প্রাধান্য দিয়া হ’ব। এইক্ষেত্রত ইতিমধ্যে এক্সন প্লেন সাজু কৰি থোৱা হৈছে। ফিজিৰ সাগৰীয় নিৰাপত্তা শক্তিশালী কৰা হ’ব। ভাৰতে ফিজিৰ সাগৰীয় বাহিনীৰ প্ৰশিক্ষণ আৰু সা-সঁজুলি যোগান ধৰিব। তেনেদৰে দুয়োখন দেশে চাইবাৰ নিৰাপত্তা আৰু ডাটা সুৰক্ষাৰ ক্ষেত্ৰত অভিজ্ঞতা আৰু তথ্য বিনিময় কৰিব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। মানৱতাৰ বাবে প্ৰত্যাহ্বান হৈ পৰা সন্ত্রাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ দুয়োদেশে সহমতত উপনীত হয়। দুয়োগৰাকী নেতাৰ উপস্থিতিতে ভাৰত আৰু ফিজিৰ মাজত ৭খন চুক্তি স্বাক্ষৰিত হয়। ফিজিৰ চুভাত ১০০ বিছনাযুক্ত ছুপাৰ স্পিচিয়েলিটি হাস্পতাল, ডায়েলাইছিছ ইউনিট আৰু সাগৰীয় এম্বুলেঞ্চ প্রদান কৰাকে ধৰি স্বাস্থ্যখণ্ডক কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্পত দেশখনক সহযোগিতা কৰিব ভাৰতে। জনঔষধি কেন্দ্রও ফিজিত মুকলি কৰা হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে।