অণুগল্প
জুই
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও, ডিব্ৰুগড়
চ’ৰাঘৰৰ ফ্ৰেমত থকা ফটোখন আঁতৰাই থবা।মোৰ চাবলৈ সাহস নহয়।তুমি যদি আঁতৰাবলৈ বেয়া পোৱা ৰীতা বাইকে ক’বা, ঘৰ চাফা কৰোঁতে মই নেদেখাকৈ থবলৈ।
পিতাইৰ স্মৃতিয়ে বৰকৈ আমনি কৰে।পাঁচ বছৰৰ আগয়ে মোৰ বুকুত জ্বলা বিৰহৰ জুইকুৰা আজিও জ্বলি আছে।