প্রকৃত বন্ধু
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
বন্ধু , তুমি এটি মধুৰ সৰ্ম্পকৰ এনাজৰী
এক নিঃস্বার্থ সেৱাৰ সত্যৰ পূজাৰী |
নাই কোনো তোমাৰ নিজস্ব আত্মকেন্দ্রিক
লোভ-মোহ , গৌৰৱ- অহংকাৰ , মায়া কিম্বা মন,
এটিয়েই মাথো লক্ষ্য আৰু উদ্দেশ্য
নিঃস্বাৰ্থভাৱে আজীৱন বৰঙণি দিয়া সেৱা |
বন্ধু, তুমি সাতোৰঙী ৰামধেনুৰ বৰ্ণালীৰ উজ্জ্বল কিৰণ
তুমি দীঘলীয়া যাত্ৰাপথৰ বিশ্বাসভাজন লাখুটি,
তুমি জীৱন সংগ্রাম পথৰ সুখ-দুখৰ লগৰী আপোন প্রহৰী
দিহা-পৰামৰ্শৰ পথ প্রদর্শক তুমি |
বন্ধু , তুমি হেঁপাহৰ পদূলিৰ মোৰ চিনাকি বকুলৰ সুবাস
আপদ- বিপদৰ ক্ষণত সাৱটি ধৰা আত্মবিশ্বাসৰ দুহাত,
মোৰ জীৱন নামৰ ফুলনি বাগিছাৰ
তুমি আজীৱন ফুলি থকা এপাহি সূৰ্যমুখী ফুল |
আঁউসীৰ আন্ধাৰ নিশাৰ মোৰ জীৱনৰ তুমি
এজাক জিলমিল জোনাকী পৰুৱা ,
তুমি মোৰ জীৱনৰ সোণালী আকাশত
পশ্চিম দিশত ওলমি থকা স্থিতপ্রজ্ঞ এটি উজ্জ্বল ভোটা তৰা |