কামলেখা – সঞ্জীৱ গগৈ

কামলেখা

সঞ্জীৱ গগৈ,
মেলেংগ্ৰাণ্ট ভোগপুৰ , যোৰহাট

“ঐ ছোৱালী কিমান দাম তোৰ?”
সমাজৰ সভ্য বৰষুণ জাকত
জুৰুলি-জুপুৰি হোৱা বহুতৰেই প্ৰস্তাৱ,
নিষিদ্ধ কুঠৰীৰ দুৱাৰত টুকুৰিয়াই প্ৰশ্ন কৰিছিল।
মুখা পিন্ধা বাণিজ্যিক দৃষ্টিত অশ্লীল হৈ পৰিছিলোঁ সিদিনা,
দুচকুৰ সন্মূখত বাৰম্বাৰ ভাহি উঠিছিল অনাথ ভগ্নীৰ
ধাতুস্থ ৰুগীয়া শৰীৰ।
মাৰ্জিত সভ্যতাৰ নিষিদ্ধ বেহাৰ এক অপৰিহাৰ্য পণ্য,
একে সভ্যতাৰে বহুজনে অৱৰণ গুচাই মোৰ শৰীৰৰ দৰদাম কৰে আৰু
বহুজনে কৰে মোৰ চৰিত্ৰৰ মূল্য নিৰ্ধাৰণ।
মোৰ দাম সিহঁতৰ কামানিৰ নগণ্য এভাগ।
হেৰৌ মোৰ চৰিত্ৰৰ মূল্য নিৰ্ধাৰণকাৰী,
থ হেৰৌ, তহঁতে নোৱাৰিবি মোৰ মূল্য জুখিব।
ভদ্ৰ সমাজৰ মই এক নষ্ট চৰিত্ৰ
যি চৰিত্ৰই সতীত্বৰ বেদীত উত্তোলন কৰিব বিচাৰিছিলোঁ নিষিদ্ধতাৰ পতাকা।
অশ্লীলতা বিৰোধ কৰি যিটো চৰিত্ৰই
নিজে জপিয়াই পৰিছিলোঁ বিস্ফুৰিত অগনিৰ উতপ্ত ৰক্ত শিখাত।
নিষিদ্ধ বেহাৰ মই নিষিদ্ধ বেপাৰী,
শ্লীল সমাজৰ অশ্লীল গাথা।