কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড ৰ মাণ্ডলিক যোগ ক্ৰীড়া চেম্পিয়নশ্বিপত কুঁহি ডেকাৰ স্বৰ্ণপদক

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড ৰ মাণ্ডলিক যোগ ক্ৰীড়া চেম্পিয়নশ্বিপত কুঁহি ডেকাৰ স্বৰ্ণপদক

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড ৰ ২০২৫-২৬ বৃত্তীয় বৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক যোগ ক্ৰীড়া চেম্পিয়নশ্বিপৰ ১৭ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত গুৱাহাটী মহানগৰীৰ মালিগাঁৱত অৱস্থিত চেন্ট মেৰীজ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মালিগাঁও নিৱাসী বলোভদ্ৰ ডেকা আৰু পল্লবী ডেকা ৰ কনিষ্ঠ কন্যা কুঁহি ডেকাই স্বৰ্ণপদক লাভ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অশোক ধৱণ পৰ্যবেক্ষক হিচাবে উপস্থিত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৫৫ খন বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দিল্লী পাব্লিক স্কুল, তেজপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা কুঁহি ডেকাই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড ৰ অহা ৮ চেপ্তেম্বৰৰ পৰা ১২ চেপ্তেম্বৰলৈ উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰাৰ সূযোগ লাভ কৰে । স্বৰ্ণপদক লাভ কৰা কুঁহি ডেকাই অধ্যয়ণ কৰা বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে কুঁহিয়ে সফলতা লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বাবে বিশেষ অভিনন্দন জনায়। কুঁহি ডেকাৰ এই সফলতাৰ বাবে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি যোগাচাৰ্য্য শুভাশীষ কʼৰ, যোগ সাধনা তথা যোগ প্ৰচাৰক বটা বিজয়ী ধনঞ্জয় তালুকদাৰৰ লগতে বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে আন্তৰিক অভিনন্দন জনায় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।