আইনত পৰিণত হ’ল অনলাইন গেমিং বিধেয়ক

আইনত পৰিণত হ’ল অনলাইন গেমিং বিধেয়ক

ৰঙিলী বাৰ্ত্তাসেৱা- আইনত পৰিণত হ’ল দ্য প্রম’চন এণ্ড ৰেগুলেচন অৱ অনলাইন গেমিং বিল-২০২৫।  ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে এই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হ’ল। বর্ষাকালীত অধিৱেশনৰ লোকসভাত ২০ আগষ্টত গৃহীত হোৱাৰ পিছত অনলাইন গেমিং বিধেয়ক ২০২৫খন ২১ আগষ্টত ৰাজ্যসভাত গৃহীত হয়। দুয়ো সদনত গৃহীত হোৱাৰ পিছত এই বিধেয়কখন অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতি মূর্মুৱে এই বিধেয়কখনত স্বাক্ষৰ কৰে। মন কৰিবলগীয়া যে অনলাইন গেমিং আইনৰ জৰিয়তে দেশত চলি থকা অবৈধ বেটিং আৰু গেমলিং এপসমূহ চৰকাৰে নিষিদ্ধ কৰাৰ লগতে এই এপসমূহ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত চেলিব্রেটিৰ ওপৰতো প্রতিবন্ধকতা আৰোপ কৰা হ’ব। ধন আধাৰিত গেমিং প্রক্রিয়াটোৱে সমাজত অশুভবাতাবৰণ সম্প্ৰসাৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে বেটিং আৰু গেলমিং এপসমূহ নিয়ন্ত্ৰণৰ বাবে এই আইন প্রস্তুত কৰে।