অসম নাগৰিক সন্মিলনৰ সংবাদ
বিজেপি চৰকাৰৰ বিভাগত থকা সকলো মন্ত্ৰী গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিৰ সন্মিলনৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান মৰ্মে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি ও ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে।সংবাদমেলত বিৰোধী ৰাজনৈতিক দল ,নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই। নাগৰিক সন্মিলনে বিৰোধী দল সমূহক তথা বিশিষ্ট নাগৰিকক একত্ৰিত কৰি বিজেপি চৰকাৰক পৰাভূত কৰাৰ উদ্দেশ্যেৰে ৰাজ্যিক আৰু আঞ্চলিক অভিৱৰ্তনৰ প্ৰচেষ্টা হাতত লৈছে ।তাৰ অংশ হিচাপে অহা ইং ২৩/০৮/২০২৫ তাৰিখে প্ৰথম খন আঞ্চলিক অভিৱৰ্তন নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। অহা ইং ২৪/০৮/২০২৫ অসম সাহিত্য সভা ভৱনৰ লক্ষীৰাম বৰুৱা সদনত বিয়লি ২:৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া ৰাজহুৱা সভাখনত ভাৰতৰ বিশিষ্ট লেখক আৰু বুদ্ধিজীৱি দল উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষন, ভাৰতৰ প্ৰাক্তন মুখ্য অথ্য আয়ুক্ত ওৱাজাহাট হাবিবুল্লা, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য ছায়েদা হামিদ, প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন মুৰব্বী জোহৰ চিৰকাৰ উপস্থিত থাকিব। অহা ইং ৭/০৯/২০২৫ তাৰিখে আঞ্চলিক অভিৱৰ্তন খন যোৰহাটত অনুষ্ঠিত হ’ব। অহা ইং ১৪/০৯/২০২৫ তাৰিখে আঞ্চলিক অভিৱৰ্তন খন শোনিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হ’ব বুলি সদৰি কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপি চৰকাৰৰ বিভাগত থকা মন্ত্ৰী বিষয়া গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি কয় আৰু GMCH ৰ অধীক্ষকৰ পদটো কি যুক্তিত খালী কৰি ৰাখিছে বুলি অজিত ভূঞাই প্ৰশ্ন কৰে। সংবাদমেলত আহ্বায়কৰ উপৰি আব্দুল মান্নান, পৰেশ মালাকৰ, অধিবক্তা শান্তনু বৰঠাকুৰ প্ৰমুখ্যে সাংবাদিক সহ প্ৰায় ২৫ জন ব্যক্তি উপস্থিত থাকে৷