কবিতা গীতেৰে মুখৰ মৰঙি
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ মৰঙি শাখা কবি সন্মিলনৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশন যোৱা ১৭ আগষ্টত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে সন্মিলনৰ স্থায়ী সভাপতি চাৰুমাই বৰাই পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে নীলি ভট্টাচাৰ্য্য শৰ্মা ,জীৱদা শইকীয়াই ৷ দুপৰীয়া স্থায়ী সভাপতিৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি অধিৱেশন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী অজিত কুমাৰ শইকীয়াই। সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাৰ আঁত ধৰাৰ লগতে আদৰণি ভাষণেৰে সকলোকে আদৰ জনাই বৃহত্তৰ মৰঙি শাখা কবি সন্মিলনৰ সম্পাদক ৰিজু শইকীয়া বৰদলৈয়ে । সভাপতিৰ অভিবাদন পাঠৰ পিছতে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি ৰাজুমনি বেজবৰুৱা , নুমলিগড় শোধনাগাৰৰ মুখ্য মহা প্ৰবন্ধক (স্বতন্ত্ৰ) ড°কাজল শইকীয়া ,প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন , সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন কমিটিৰ সভাপতি ড প্ৰনৱ ঢেকিয়াল ফুকন, সহ সম্পাদক দীপ হেষ্টিংচ বৰিক সম্বৰ্ধনা জনোৱা হয় । অসমীয়া কবিতাৰ ঐতিহ্য আৰু বৈচিত্ৰ্যতা শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে ডঃ মৌচুমী বৰুৱাই। সদৌ অসম কবি সন্মিলনৰসাংগঠনিক সম্পাদক মৃদুস্মিতা শৰ্মা, কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মা,গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি সন্মানীয় অমৰ শৰ্মা , সম্পাদক পৰাগ বৰুৱা, জিলাে সমিতিৰ উপদেষ্টা নৰেন শইকীয়া, ড যতীন নাথ, মহম্মদ আব্দুল গনি , বিশিষ্ট কবি কল্পনা চেতিয়া, কবি,সাহিত্যিক, ঔঁপন্যাসিক পাৰিজাত বৰুৱা , ছবি বৰুৱা, গীতা বৰা ,পূৰৱী সেনাপতি, মন্দিৰা তামুলী,অমিয়া ভূঞা,ৰেবা গগৈকে কেন্দ্ৰ কৰি সভাত জিলাখনৰ বিভিন্ন শাখাৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মৰঙি কবি সন্মিলনৰ প্ৰথম দ্বি – বাৰ্ষিক মুখপত্ৰ প্ৰবহণ, এক কাব্যিক যাত্ৰা… উন্মোচন কৰে বিশিষ্ট কবি তথা নুমলীগড় শোধনাগাৰৰ বাণিজ্য বিভাগৰ মহা প্ৰৱন্ধক ডঃ শৰ্মিষ্ঠা দত্তই। গ্ৰন্থ খনৰ সভাপতি অজিত কুমাৰ শইকীয়া,সম্পাদক কৰবী গগৈ আৰু নলীন হাজৰিকা। ইয়াৰ পিছত বিশিষ্ট কবি তথা লেখক চাৰুমাই বৰাৰ দেশ হিতৈষী পতি প্ৰাণা জয়মতী কুঁৱৰী গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট লেখক তথা কবি দিলীপ কুমাৰ শৰ্মাই আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা পুথি উন্মোচন কৰে ডঃ প্ৰনৱ ঢেকিয়াল ফুকনে । সভাত গোলাঘাট জিলাৰ বহু কেই গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰাৰ লগতে কবিতা পাঠ তথা আবৃত্তি কৰে। সভাৰ কাৰ্যসূচীৰ মাজতে তেলগৰম কাব্য কাননৰ কবিতাৰ আলেখ্য, কবিতা বৰপূজাৰীৰ নেতৃত্বত আদৰণি সংগীত, সত্যেন খাউণ্ডৰ নেতৃত্বত সমবেত সংগীত, মলয় কৃষ্ণ শইকীয়াৰ ,অঞ্জলি বৰদলৈৰ গীতৰ লগতে বহু কেইগৰাকী প্ৰতিষ্ঠিত কবিৰ কবিতা পাঠেৰে সভাখন গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। সভাত উপস্থিত থাকে নীলি ভট্টাচাৰ্য্য,জীৱদা শইকীয়া, কল্পনা হাতী বৰুৱা,গোলাপ শইকীয়া, নৱজিৎ বৰদলৈ, পৰাগ পৱন শৰ্মা, বিজু গোস্বামী, তুলিকা বৰদলৈ,বন্দনা বৰদলৈ, মানস বৰদলৈ,ইমৰান হুছেইন,কমৰুল ইছলাম,মন্দিৰা বৰঠাকুৰ, প্ৰবীণ বৰপূজাৰী,শশীন শৰ্মা। সভাত শলাগৰ শৰাই আগবঢ়াই মৰঙি কবি সন্মিলনৰ সম্পাদক ৰিজু শইকীয়া বৰদলৈয়ে। শেষত কাব্য মন্ত্ৰেৰে সভাৰ সামৰণি পৰে।