ডিব্ৰুগড়ত অঙ্গনৱাড়ী কৰ্মী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

ডিব্ৰুগড়ত অঙ্গনৱাড়ী কৰ্মী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক অঙ্গনৱাড়ী কর্মী সহায়িকা সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্বোগত ২১ আগষ্টত ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত সন্থাৰ বিভিন্ন সমস্যা সমাধানত ৰাজপথলৈ ওলাই আহি এই কাৰ্যসূচী জৰিয়তে কেন্দ্রীয় চৰকাৰে এফ আৰ এচ পদ্ধতি ব্যৱহাৰেৰে আই চি ডি এচৰ হিতাধীকাৰীৰ সংখ্যা হ্রাস কৰাৰ আৰু নতুন এফ আৰ নীতি ব্যৱস্থা কৰা আৰু উপযুক্ত আন্তঃগাঁথনি অবিহনে আইনী প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অংগনবাড়ী সকলক দৈনিক হাৰাশাস্তি কৰা অভিযোগ তুলি লগতে ই কে ৱাই চি আৰু এফ আৰ এছ বাধ্যতামূলক কৰা বন্ধ কৰা, এফ আৰ এছৰ বাবে হিতাধিকাৰীক বঞ্চিত কৰা, অংগনৱাড়ী কর্মী সহায়িকাক হাৰাশাস্তি বন্ধ কৰা,আই চি ডি এছ ৫০ বছৰ পূৰ্ণ হোৱা হেতুকে আঁচনিখন স্থায়ী কৰণ কৰা, অংগনৱাড়ী কর্মী সহায়িকাক নুন্যতম মজুৰি দিয়াৰ ব্যৱস্থা কৰকেধৰি বহুকেইটা দাবী সমাধানৰ বাবে ক’লা বেজ পৰিধান কৰি শতাধিক অংগনবাড়ী কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।