ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ 

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ 

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই প্ৰকাশ কৰা মতে, গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ পৰা নুনমাটিলৈ জিএনবি ৰোডত নির্মীয়মাণ উৰণ সেতুখন অসমৰ ইতিহাসৰ উজ্জ্বল ব্যক্তিত্ব মহাৰাজ পৃথুৰ সন্মানত ‘মহাৰাজ পৃথু উৰণ সেতু’ নামেৰে নামকৰণৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেইদৰে অসমত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান (আইআইএম) স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যিক কেবিনেটে আন্তৰিক ধন্যবাদ জনাই এক প্রস্তাৱ গ্ৰহণ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই দূৰদৰ্শী পদক্ষেপে উচ্চ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাই নহয়, উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত বিকাশ, উদ্ভাৱন আৰু সুযোগৰ নতুন পথ মুকলি কৰিব। তদানীন্তন ইউ পি এ চৰকাৰৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলক এখন আইআইএম আৰু এখন এইমছ দিয়া হৈছিল। কিন্তু দুয়োখন প্রতিষ্ঠানেই তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শ্বিলঙত স্থাপন কৰাৰ সিদ্ধান্ত লয়। অসমে সেই সময়ত ইয়াৰে এখন প্ৰতিষ্ঠান বিচাৰিছিল যদিও আনিব নোৱাৰিলে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রথম ৫ বছৰত অসমক এইমছ দিলে আৰু এইবাৰ দিছে আইআইএম। ইয়াৰ জৰিয়তে তেওঁ আমাৰ নোপোৱাৰ দুখ নোহোৱা কৰিলে। প্রধানমন্ত্ৰীৰ আৱাস যোজনা-গ্রামীণ (পিএমজিএৱাই-জি)ৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে নতুনকৈ ৩,১৪,৭৭৩জন হিতাধিকাৰীক ঘৰৰ আনুষ্ঠানিকভাবে অনুমোদন-পত্র বিতৰণ কৰিবলৈ ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।  এই কেবিনেটত উৰিয়ামঘাটত শেহতীয়াকৈ চলা উচ্ছেদ অভিযানৰ বিষয়ে আলোচনা হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে কেবিনেটে বন বিভাগ আৰু গোলাঘাট জিলা প্রশাসনক ধন্যবাদ জনাইছে। লগতে এইক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে নাগালেণ্ড চৰকাৰকো। উৰিয়ামঘাটৰ উচ্ছেদস্থলীৰ ১২ হাজাৰ বিঘা ভূমিত নাগালেণ্ড চৰকাৰৰ সহযোগিতাত বৃক্ষৰোপণ আৰম্ভ কৰা হ’ব। পৰিৱেশ আৰু বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত অহা ২৩ আগষ্টত যৌথভাৱে এই অভিযানৰ শুভাৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে কেবিনেটে। তদুপৰি সমগ্ৰ অসমতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ বাবে ৫০টা হাব আৰু ৫০০ স্পোক মডেল ৰূপায়ণ কৰিবলৈ সমগ্র শিক্ষা, অসমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো)ক মনোনীত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। এই সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রথম পর্যায়ত ১০টা হাব আৰু ৭০টা স্পোক মডেল স্থাপন কৰা হ’ব। ৬০০ কোটিটকীয়া এই প্রকল্পটোৰ পুঁজিৰ ৭৫ শতাংশ টাটা-নেলকোৰ হোৱাৰ বিপৰীতে ২৫ শতাংশ ব্যয় কৰিব সমগ্র শিক্ষা, অসমে। দক্ষতা বিকাশৰ শিক্ষাৰ বাবে সমগ্র শিক্ষা, অসমৰ অধীনত অনুমোদিত মাধ্যমিক-উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ হাব স্কুল আৰু স্পোকছ স্কুল হিচাপে স্বীকৃত হ’ব। প্রতিটো হাবে ১০টা ভৱিষ্যমুখী ট্রেড-ছেক্টৰ আগবঢ়াব। য’ত থাকিব দুগৰাকীকৈ প্রশিক্ষক। সেইদৰে প্রতিটো স্পোকে দুটা ট্রেড-ছেক্টৰ আগবঢ়াব আৰু ইয়াতো দুগৰাকীকৈ প্রশিক্ষক থাকিব। টাটা-নেলকোই প্ৰদান কৰিবলগীয়া উপগ্রহ যোগাযোগৰ জৰিয়তে সংযোগ কৰা হ’ব হাব আৰু স্পোকসমূহক। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে, ইয়াক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে টাটা-নেলকো আৰু সমগ্ৰ শিক্ষা, অসমৰ মাজত সম্পন্ন হ’বলগীয়া বুজাবুজিৰ চুক্তিত কেবিনেটে সেউজ সংকেত দিয়ে।