এছিয়া কাপত পাকিস্তানৰে ভাৰতক খেলাৰ অনুমতি প্ৰদান ক্রীড়া মন্ত্ৰালয়ৰ

এছিয়া কাপত পাকিস্তানৰে ভাৰতক খেলাৰ অনুমতি প্ৰদান ক্রীড়া মন্ত্ৰালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা। বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনক কেন্দ্ৰ কৰি অধিক চৰ্চা পৰিলক্ষিত হৈছে।  পেহেলগামত আক্ৰমণৰ আৰু তাৰ পিছত ভাৰতে চলোৱা অপাৰেচন সিন্দূৰে দুয়ো দেশৰ মাজৰ সম্পৰ্ক পূর্বতকৈ অধিক তিক্ত হয়। দুয়ো দেশৰ এই ৰাজনৈতিক সম্পৰ্কৰ প্ৰভাৱ ক্ৰীড়াক্ষেত্ৰতো পৰিছিল। এনে পৰিস্থিতিতে এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, ইয়াক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক চর্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্রকাশ কৰিছিল।অৱশেষত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্রালয়ে এই সকলো সন্দেহ তথা চৰ্চাৰ ওৰ পেলাইছে। ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা মেচখনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে দিছে সেউজ সংকেত। সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি ভাৰত-পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নহ’ব যদিও বহুদেশীয় প্রতিযোগিতাত দুয়ো দলৰ মাজত মেচ বন্ধ নহয় বুলি ক্রীড়া মন্ত্রালয়ে স্পষ্ট কৰি দিছে। ক্রীড়া মন্ত্ৰালয়ৰ মতে ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে কোনো দ্বিপাক্ষিক শৃংখলা খেলিব নোৱাৰিব। লগতে ভাৰতীয় দলটো কোনো প্রতিযোগিতা বা মেচৰ বাবে পাকিস্তানলৈ নাযায়। সমান্তৰালকৈ পাকিস্তানী ক্রিকেট দলকো ভাৰতত খেলিবলৈ দিয়া নহ’ব। মন্ত্রালয়ে স্পষ্টকৈ কৈছে, ভাৰতীয় ক্রিকেট দলক এছিয়া কাপ খেলিবলৈ আমি বাধা নিদিওঁ, কাৰণ ই বহুদলীয় প্রতিযোগিতা। ক্রীড়া মন্ত্ৰালয়ৰ এই নীতি কেৱল ক্রিকেটৰ ক্ষেত্রতহে যে প্রযোজ্য হ’ব, এনে নহয়। আন আন ক্রীড়াও এই নীতিৰ অন্তৰ্ভুক্ত হ’ব। অর্থাৎ এতিয়া কোনো পাকিস্তানী খেলুৱৈয়ে কোনো প্রতিযোগিতাৰ বাবে ভাৰতলৈ আহিব নোৱাৰিব আৰু কোনো ভাৰতীয় খেলুৱৈয়েও পাকিস্তানৰ মাটিত ভৰি নিদিয়ে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত দুয়োটা দল বা খেলুৱৈয়ে পৰস্পৰৰ লগত খেলা দেখা যাব।