বাৰিষাৰ শেষত – বিশ্বজিৎ বৈশ্য

বাৰিষাৰ শেষত

বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)

অসমত বাৰিষাৰ বতৰ আৰম্ভ হয় জুন মাহত আৰু শেষ হয় দুৰ্গা পুজাৰ সময়ত অৰ্থাৎ অক্টোবৰত। চলিত বৰ্ষৰ জুন মাহৰ পৰা হোৱা বাৰিষা বতৰৰ বিভিন্ন অঞ্চলত আৰম্ভনি হোৱা দেখা যায় ভয়াবহ বানপানীৰ সংহাৰী ৰূপেৰে। বাৰিষা শেষ হোৱাৰ পাছতেই শীতৰ ফুল ফুলাৰ বতৰ। আগলি বতাহজাকেও দুপৰতে কোবাই যায় কঠিয়াৰ আগ, পলাই কলীয়া ডাৱৰ । আগমনিৰ হয় শৰৎৰ। আকাশত মেঘৰ লুকাভাকু, বতাহত শেৱালিৰ আমোলমোল গোন্ধ, কুঁৱলীৰ শীতল ভাৱ, লগতে নৈৰ পাৰৰ কহুৱাই দি যায় শুভ্ৰ দলিচাৰ বতৰা সেইবাবে শৰৎ সৌন্দর্যৰ প্ৰতীক । তদুপৰি, বাৰিষাৰ দিনবোৰত কিন্তু ঠাই ভেদে খেতিয়ক সকলৰ মাজত এক নতুন দিগন্তৰ আগমন ঘটা দেখা যায়। কিয়নো চহা কৃষক সকলৰ কষ্টকৰ সোনগুটি সিচাৰ সেই সময়ছোৱাৰ দিনবোৰৰ কথা পাহৰি এক নতুন দিনৰ সুচনা আনে আৰু কাম কৰি যোৱাত সহায় হয়।