নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কঁপাই যোৱা ধেমাজিৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ। মৰিধল মহাবিদ্যালয়ৰ নন্দিতা শইকীয়া নামৰ ছাত্ৰীগৰাকীক ঘপিয়াই হত্যা কৰা ৰিণ্টু শৰ্মা নামৰ হত্যাকাৰীটোক বৃহস্পতিবাৰে ধেমাজি জিলা সত্ৰ আৰু ন্যায়াধীশৰ আদালতে মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰিছে ৷ সম্পূৰ্ণ ৪ বছৰৰ বিচাৰৰ অন্তত আজি হত্যাকাণ্ডৰে জড়িত ৰিন্টু শৰ্মাক ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায় দিলে। উল্লেখ্য যে ২০২১ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্রেৰিয়ান ৰিন্টু শর্মাই। নন্দিতা শইকীয়াক আক্ৰমণ কৰাৰ সময়ত তেওঁক ৰক্ষা কৰিবলৈ যোৱা বান্ধৱী কাশ্মীনা দত্ত আৰু কাশ্মীনাৰ পিতৃ দেৱ দত্তও আঘাতপ্রাপ্ত হৈছিল।মূমূৰ্ষ অৱস্থাত নন্দিতা শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰিছিল যদিও মৃত্যুৰে যুঁজি অৱশেষত ২৫ আগষ্টত নন্দিতা শইকীয়াৰ মৃত্যু হৈছিল । সেই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা কস্মিনা আৰু তেওঁৰ পিতৃৰ এজাহাৰৰ ভিত্তিত চলা গোচৰত আজি আদালতে ৰায় প্ৰদান কৰে। আৰক্ষীয়ে তাৰ পিছতে ৰিন্টু শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। পিছত গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ৪০০ পৃষ্ঠাৰ চাৰ্জশীট দাখিল কৰিছিল। ৪ বছৰৰ বিচাৰৰ অন্তত ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা ৩৯৭/২০২১ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২নং ধাৰাত দোষী সাব্যস্ত হয় ৰিন্টু শৰ্মা। এই গোচৰত সাক্ষ্যদান কৰিছিল মুঠ ৪১জন সাক্ষীয়ে। এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্নজনে দোষীৰ ফাঁচী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিন দুপৰতে সংঘটিত হোৱা এই কাণ্ডই ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। দীৰ্ঘ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে দোষীক শাস্তি বিহে। অৱশেষত আজি ন্যায় পালে নন্দিতা শইকীয়াই। নন্দিতা শইকীয়া হত্যাকাণ্ডৰ গোচৰৰ এই ৰায়ে ন্যায় ব্যৱস্থাৰ কঠোৰতা আৰু নিৰপেক্ষতাৰ এক উদাহৰণ স্থাপন কৰিছে। ৰিন্টু শৰ্মাৰ মৃত্যুদণ্ডৰ ৰায়ে সমাজত অপৰাধৰ বিৰুদ্ধে এক শক্তিশালী বার্তা প্ৰেৰণ কৰিছে।