কংগ্ৰেছ সাংসদৰ এনে নিকৃষ্ট মানসিকতাক ৰাজ্যবাসীয়ে কেতিয়াও ক্ষমা নকৰেঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে দিনটো ৰাজ্যখনৰ বাবে আছিল এক ঐতিহাসিক দিন। লোকসভাত অসমত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট (আইআইএম) স্থাপনৰ উদ্দেশ্যে উত্থাপিত বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে অসমত আইআইএম স্থাপনৰ বাট প্রশস্ত হৈ পৰে। কিন্তু এই ঐতিহাসিক ক্ষণটোতে পৰিলক্ষিত হ’ল বিৰোধী দল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ। লোকসভাত বিধেয়কখন গৃহীত কৰিবলৈ ভোটদান হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষৰ আসনৰ পৰা সদন পৰিচালনা কৰি আছিল দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সেই সময়ত কংগ্ৰেছৰ অসমৰ সাংসদকেইজনৰ লগতে দলটোৰ অন্যান্য সাংসদসকলে এই বিধেয়কৰ বিৰোধিতা কৰি সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সদন পৰিচালনা কৰি থকা দিলীপ শইকীয়াই অসমৰ সাংসদসকলক বিধেয়কখনক সমর্থন কৰিবলৈ অনুৰোধ জনাইছিল। অধ্যক্ষৰ আসনৰ পৰাই তেওঁ কংগ্ৰেছৰ লগতে সকলো বিৰোধী দলক বিধেয়কখনক সমর্থন কৰিবলৈ অনুৰোধ জনায়। দিলীপ শইকীয়াৰ আহ্বান আছিল- আইআইএম স্থাপন হ’বলৈ গৈ আছে। আপোনালোকে ইয়েছ বুলি কওক, ন’ বুলি নক’ব। অসমত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক বৃহৎ প্রতিষ্ঠান স্থাপন হ’বলৈ গৈ আছে। আপোনালোকে অনুগ্রহ কৰি সমৰ্থন কৰক। কিন্তু দিলীপ শইকীয়াৰ আহ্বানক নস্যাৎ কৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে থিয় দিয়ে কংগ্রেছ সাংসদসকল। কার্যতঃ এই ঐতিহাসিক ক্ষণটোতে পৰিলক্ষিত হ’ল বিৰোধী দল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ। ইফালে সমগ্র ঘটনাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কংগ্ৰেছ দলক তীব্র সমালোচনা কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই লিখিছে- আজিৰ দিনটোত এটা অতি আচৰিত তথা একে সময়তে দুর্ভাগ্যজনক পৰিস্থিতি প্রত্যক্ষ কৰিলোঁ, যাৰ বিষয়ে প্ৰতিগৰাকী অসমবাসীয়ে জনা উচিত। যেতিয়া লোকসভাই অসমত আইআইএম স্থাপনৰ বাবে বিধেয়ক গৃহীত কৰিবলৈ ভোটদান কৰিছিল, সেই সময়ত নির্লজ্জভাৱে অসমৰ কংগ্ৰেছী সাংসদসকলে ইয়াৰ বিৰোধিতা কৰিছিল। আপুনি কল্পনা কৰিব পাৰিবনে যে কংগ্ৰেছে অসমক কিমান ঘৃণা কৰে। তেওঁলোকে আমাৰ ৰাজ্যলৈ আইআইএম অহাটো নিবিচাৰে। এয়া কংগ্ৰেছৰ অত্যন্ত নিন্দনীয় মানসিকতা। আমাৰ মানুহে তেওঁলোকৰ এই কাৰ্যৰ বাবে কেতিয়াও ক্ষমা নকৰে আৰু অসমবিৰোধী এই নিকৃষ্ট মানসিকতাক সদায় মনত ৰাখিব। তেওঁ ইয়াকো উল্লেখ কৰে যে কংগ্ৰেছ দল যে অসমবিৰোধী তাক তেওঁলোকে বাৰে বাৰে প্ৰমাণ দি থাকে। আমি প্রমাণ দিয়াৰ দৰকাৰেই নাই। ছেমিকণ্ডাক্টৰৰ সময়ত মল্লিকার্জুন খাৰ্গেৰ ল’ৰাই বিৰোধিতা কৰিছিল, আইআইএমৰ বিধেয়কত অসমৰ পৰা যোৱা কংগ্রেছ সাংসদসকলে বিৰোধিতা কৰিছে। গতিকে এওঁলোকৰ বিষয়ে অসমৰ ৰাইজে বুজি পায় আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ ৰাইজে তেওঁলোকক যোগ্য উত্তৰ দি আহিছে আৰু দি যাব।