লিমাৰিক – মায়া বৰদলৈ

লিমাৰিক

মায়া বৰদলৈ

(১)
বাৰীৰ পৰা কচু ঠোৰ কাটি আনিলোঁ
ৰৌ মাছৰ মূৰেৰে জালুকীয়া ৰান্ধিলোঁ
বিলাহী দিলো লগত
জলকীয়াও শকত
দুবাৰকৈ নিমখ দি মুখ বিদৰালো ।
(২)
বুঢ়া বুঢ়ী দুয়ো ঘুৰি ফুৰোঁ মিলিজুলি
ন-কাপোৰ বিছাৰি পালোঁ কস্তুৰী গলি
ফেচবুকত বোৱাৰী
কাপোৰ বেচা বেপাৰী
কেঁ‌চা চুলি দেখি আদৰে দাদা বৌ বুলি ।