আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত জালত পৰিল কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী। দিল্লীত নগাঁও আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী। পুৱতি নিশা নগাঁও সদৰ আৰক্ষী থানালৈ অনা হয় ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰীক। পৰিয়ালসহ দিল্লীত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে। নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় দিল্লীৰ পৰা আটক কৰে অনিৰ্বাণক।দক্ষিণ দিল্লীৰ ফৰিদাবাদত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে। ২৮মে’ত গুৱাহাটীৰ পৰা পলায়ণ কৰিছিল অনিৰ্বানে। আনহাতে নগাঁৱৰ পৰা কাশ্যপ ফুকনক আটক কৰা হৈছে। কাশ্যপ ফুকনক নগাঁও সদৰ থানাত ৰখা হৈছে। নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই দুয়োকে আজি নগাঁও সদৰ থানাত জেৰা চলাব। পুৱতি নিশা আৰক্ষীয়ে দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱাই।