দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ। আজি পুৱা তেওঁৰ বাসভৱনত অনুষ্ঠিত জন শুনানিৰ সময়ত এজন ব্যক্তিয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আক্রমণকাৰীজনৰ নাম ৰাজেশ ভাই খিমজী ভাই ছাকাৰিয়া বুলি চিনাক্ত কৰা হৈছে, যাৰ বয়স প্রায় ৪০ বছৰ আৰু তেওঁ হাৰিয়ানাৰ ৰোহটকৰ বাসিন্দা বুলি জানা গৈছে। প্রতিবেদন অনুসৰি, তেওঁ কিছু কাগজপত্ৰ লৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল, তাৰ পিছত হঠাৎ চিঞৰিবলৈ আৰু গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁৰ চুলি টানি কথিতভাৱে চৰ মাৰে। ঘটনাটো পুৱা প্রায় ৮ বজাত সংঘটিত হৈছিল, আৰু আক্রমণকাৰীজনক তৎক্ষণাৎ নিৰাপত্তাৰক্ষায়ে নিয়ন্ত্ৰণ কৰে। বৰ্তমান তেওঁক চিভিল লাইনছ আৰক্ষী থানাত জেৰা কৰা হৈছে। মুখ্যমন্ত্রী গুপ্তাক পিছত হাস্পতাললৈ নিয়া হয়, য’ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। প্রত্যক্ষদর্শীসকলে জানিবলৈ দিয়া মতে, আক্রমণকাৰীজনে কিছু কাগজপত্র লৈ ৰেখা গুপ্তাৰ ওচৰলৈ গৈছিল আৰু হঠাৎ তেওঁৰ ওপৰত আক্ৰমণ কৰে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ সচদেৱে কয় যে, মুখ্যমন্ত্ৰী গুপ্তাক আক্ৰমণৰ চেষ্টা কৰাৰ হৈছিল যদিও বৰ্তমান তেওঁ ঠিকেই আছে। তেওঁ কয়,আজি পুৱা ‘জন শুনানি’ৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনৰ দৰে জনসাধাৰণৰ সৈতে মত বিনিময় কৰি থকাৰ সময়তে এজন লোকে তেওঁৰ ওচৰলৈ আহি কিছু কাগজ তুলি দিলে আৰু হঠাতে তেওঁৰ হাতত ধৰিলে, তেওঁক নিজৰ ফালে টানি নিয়াৰ চেষ্টা কৰিলে। এই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।