মিজোৰামত ৭০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাইফলছে চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।মিজোৰামত ৭০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে মিজোৰামৰ জোখাৱথৰ ক্ৰুছিং পইন্টত অভিযান চলাই জব্দ কৰে ৭০ হাজাৰ নিচাজাতীয় য়াবা তথা মেথাফেটামাইন টেবলেট। জব্দ কৰা টেবলেটখিনিৰ ওজন ৬.৮৬ কেজি। এই নিচাজাতীয় সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত মূল্য প্ৰায় ২১ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। জব্দ কৰা টেবলেটখিনি পিচত আইজলৰ নাৰ্কোটিকছ কন্ত্ৰোল ব্যুৰুক গতাই দিয়া হয়।